বিষময় কবিতা - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Wednesday, November 1, 2023

বিষময় কবিতা

 


বিষময় কবিতা


                    স্বপ্নশিখা চুতীয়া

                গোগামুখ, ধেমাজি 


আজিকালি তাই বিষময় কবিতা লিখে

 সান্নিধ্য শইকীয়াই শব্দবোৰ ধাৰলৈ দিয়ে ।

পাৰৰ পৰা তাই পানীলৈ  জাপ দিছিল

সান্নিধ্য শইকীয়াই থাপ মাৰি ধৰিছিল ।

চিতাৰ শেষৰ ডাল খৰি জাপি দিছিল মাত্ৰ

সি দৌৰি আহি দলিয়াই দিছিল শেষৰ ডাল খৰি 

চিঞৰি চিঞৰি কৈছিল তাইৰ মৃত্যু হৈছে 

 মাথোঁ মানসিক ভাৱে !

বাস্তৱত কেতিয়াও মৰিব নোৱাৰে ।

হাজাৰ চেষ্টা কৰিলে সান্নিধ্য শইকীয়াই

তাইৰ বুকুত গুজি দিলে এটুপোলা মৰম

তুমি মৰিব নোৱাৰা মৰমৰ জুলি

দুবাহুৰে আকোঁৱালি লোৱা তোমাৰ বুলি ।

হ'ব পাৰোঁ মই এজন কুৎসিত পঙ্গু পুৰুষ

তথাপিও দিব পাৰোঁ তুমি সুখী হ'ব পৰাকৈ

এখন স্বাৰ্থ হীন মৰম দয়াৰে ভৰা সৰু পৃথিৱী ।

খোৱাই দিব পাৰোঁ মাথোঁ দিনটোত এখন ৰুতি

মৰম মিহলি থকাৰ বাবে খাই পাবা পৰম তৃপ্তি ।

ভগা পজাটিত শুলে আকাশৰ তৰা গণিব পাৰিবা

তথাপিও তুমি ওৰে ৰাতি  শান্তিৰে শুবা ।

সান্নিধ্য শইকীয়াৰ মৰমে সলাব পাৰিবনে বাৰু

জুলি বৰুৱাৰ জীৱনৰ আধৰুৱা দুখৰ কাহিনী ।


Doksiri দকচিৰি, নৱেম্বৰ, ২০২৩


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages