মন যায়
হীৰক জ্যোতি দাস
হাজো
মন য়ায়,
কাহানিও নোকোৱা
হৃদয়ত সংগোপনে বৈ থকা
সেই নদীখনৰ কথা।
হাঁহিৰ আৰৰ সেই গোপন বেথাবোৰৰ কথা।
এই য়ে কেতিয়াবা
চকুত চকু পৰিলে মৌন হৈ পৰো।
তাৰ আৰৰ কাহিনী টো তোমাক কোৱাই নহ'ল।
য'ত থাকি গ'ল
কৌতুহলৰ ৰঙীণ পৃষ্ঠা বোৰ।
মন যায়
কাহানিও ক'ব নোৱাৰা
সেই কথাবোৰ শব্দৰ
তুলিকাৰে আঁকি
বেৰত আঁকি
বেৰত আঁৰি থ'বলৈ।
Doksiri দকচিৰি, নৱেম্বৰ, ২০২৩


No comments:
Post a Comment