ছবি, চিগাৰেট আৰু ধোঁৱা - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Thursday, November 30, 2023

ছবি, চিগাৰেট আৰু ধোঁৱা

 


ছবি, চিগাৰেট আৰু ধোঁৱা


প্ৰণামী হাজৰিকা শইকীয়া


ছবি:

অলপ পিছতে এজাক বৰষুণ আহিব

আকাশত ক'লা মেঘ।


তেওঁ প্ৰায়ে কৈছিল

 বুকুখনত হেনো তীব্ৰ বিষ এটাই খুন্দা মাৰে...

উশাহৰ অভাৱ।


উশাহ বিচাৰি পাখি মেলি উৰিব খোজাও পাইছিলো বিজ্ঞাপনবোৰত।


চিগাৰেট আৰু ধোঁৱা:

আকাশখন ওপৰলৈ উঠি গৈ আছে

চিগাৰেট এটা জ্বলিছে।

ধোঁৱাই কুণ্ডলি পকাই  বগা ঢকঢকিয়া চৰাই এটা সাঁজিছে।


বগা চৰাইটো কবিতাবোৰত উৰি আছে...

গানবোৰত গুণগুণাই আছে

পুৱা নদীখনৰ বুকুৰ পৰা ওপৰলৈ উঠিছে

আৰু এতিয়া এজাক বৰষুণ অহাৰ সম্ভাবনা।


বৰষুণ জাক পৰিব ক'ত ?

কবিতাত

গানত

নে নদীত

তিয়াবলৈ মাটি যে নাই।



Doksiri দকচিৰি, ডিচেম্বৰ, ২০২৩

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages