আঘোণে আনিলে শীত - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Friday, December 1, 2023

আঘোণে আনিলে শীত

 


আঘোণে আনিলে শীত


                                                ভূমিকা দাস 

    

শীত আহি আঘোণৰ দুপৰীয়া  

এৰি চাদৰ খন পিন্ধাই থৈ গ’ল..


আঘোণে লগত চুচুক চামাককৈ  

সৰু আলিটোতে ক্ষন্তেক ৰৈ

থাকিল..


 কাচিঁয়লি ৰ’দৰ চুমা পৰশত‌

 সোণালী  বেলিটি কপালত লৈ

ৰহদৈ, তৰাদৈ ,সোনপাহিৰ লগত সপোন ককাইটিৰ 

হাহিঁত আজি শাওনৰ

 কেচাঘামৰ টোপালবোৰ ফুলি উঠিছে


  শীত কেনি আহি কিয় বাৰু

 ঘনে ঘনে  আঘোণৰ দুৱাৰত টুকুৰিয়াই…


আঘোণ আশা আৰু হেঁপাহৰ‌ সোণালী মিচিকি হাঁহি


 নষ্টালজিক হ’লে আবেগ আহে

 আবেগ আহিলে অশ্ৰু দুগালে নাহে..

 তুমি আহিবা বুলি ক’লে 

শীত আহে পপিয়াতৰাৰ সতে 


 তুমি আহিবা বুলি ক’লে  মনৰ‌ খোৰোঙত চাকিটি জ্বলে…

সেই চাকিৰ পোহৰ ঈষৎ হালধীয়া..

কিছু সোণবৰণীয়া…


Doksiri দকচিৰি, ডিচেম্বৰ, ২০২৩


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages