দুখীয়া মানুহৰ ধনী দেশ
জাতিৰাম কামান
নিজকে যিমানেই ঢাক ঢোল নবজাওক লাগে নৰেন্দ্ৰ মোদী এতিয়া দেশৰ জনপ্ৰিয় নেতা নহয়। তেওঁৰ জনপ্ৰিয়তাৰ গ্ৰাফডাল নিম্নগামী হোৱাৰ বিপৰীতে ৰাহুল গান্ধীৰ গ্ৰাফডাল ক্ৰমান্ধয়ে উৰ্ধগামী হোৱা পৰিলক্ষিত হৈছে। এতিয়া মোডি মেজিকৰ আভা ম্লান পৰি আহিছে দেশীয় ৰাজনীতিত।
মোদীৰ জনপ্ৰিয়তা ক্ৰমে নিম্নগামী হলেও কিন্তু দেশৰ এশ চল্লিশ কোটি জনতাৰ কমচে কম চল্লিশ কোটি অন্ততঃ মোদি ভক্ত আছে যাক মোদি বিৰোধীয়ে অন্ধভক্ত বুলি কটাক্ষ কৰে। ধনবল বাহুবল থাকিলে, ক্ষমতা প্ৰয়োগ কৰিলে এই চল্লিশ কোটি ভক্তগনেই যথেষ্ট, চৌবিছত পুনৰ ক্ষমতা দখল কৰিবলৈ। কিন্তু এয়া হয়তু সম্ভৱপৰ নহব! কাৰণ, কেন্দ্ৰৰ বিজেপি চৰকাৰক ক্ষমতাচ্যুত কৰিবলৈ দেশৰ সকলো বিৰোধী দল একত্ৰিত হৈছে, একে মঞ্চত উপৱিষ্ট হৈ 'মোদী হাটাও দেশ বাচাও'ৰ হুংকাৰ দিছে। বিৰোধী ঐক্য এক হলে অহাবাৰ কেন্দ্ৰত পুনৰ বিজেপি যে শাসনত আহিব পাৰিব এয়া সন্দেহ আছে!
পাতনিতেই মোদিৰ প্ৰসংগ আনিছোঁ যদিও আলোচনাৰ কেন্দ্ৰবিন্দু হল মোদি মন্ত্ৰীসভাৰ কেন্দ্ৰীয় পৰিবহন ও যোগাযোগ মন্ত্ৰী নীতিন গাদকাৰীহে। বিজেপি চৰকাৰক যিমানেই সমালোচনা নকৰক লাগে নীতিন গাদকাৰী যে এগৰাকী জনপ্ৰিয় নেতা ইয়াক সাত সতৰুৱেও স্বীকাৰ কৰিব। ব্ৰহ্মপুত্ৰৰ ওপৰত নৱ নিৰ্মিত মাজুলী যোৰহাট সংযোগী দলং নিৰ্মাণৰ শ্ৰেয়ও সেই নিতিন গাদকাৰীয়েই। মাৰাঠী নেতা নিতিন গাদকাৰী জনসংঘৰ কট্টৰপন্থী নেতা হলেও অটল বিহাৰী বাজপেয়ীৰ দৰে সকলোৰে গ্ৰহনযোগ্য জনপ্ৰিয় ৰাজনৈতিক নেতা। ইয়াৰ অন্তৰালত তেওঁৰ কৰ্তব্যনিষ্ঠা, সততা, কৰ্মপটুতা আৰু সহনশীলতাই ইয়াৰ প্ৰধান কাৰণ।
দেশৰ এগৰাকী উদ্যমী আৰু কৰ্মদক্ষ কেবিনেট মন্ত্ৰীৰ লগতে আগশাৰীৰ বিজেপি নেতা হৈয়ো কিন্তু মোদি প্ৰশাসনে তেওঁক ৰাষ্ট্ৰীয় পাৰ্লামেণ্টৰী বৰ্ডৰ পৰা বাহিৰ কৰি দিলে। অথচ গাদকাৰী ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ এগৰাকী সক্ৰিয় সদস্য। কেন্দ্ৰৰ ঘোৰ বিৰোধী দল কংগ্ৰেছেও কিন্তু গাদকাৰীক সমীহ কৰি চলে, সুবিধা পালেই গাদকাৰীক প্ৰশংসাৰে উপচাই পেলায়। কেইদিন মানৰ আগতে মিলিত হোৱা এক উচ্চস্তৰীয় অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোদিক লোকসভাৰ অধ্যক্ষকে প্ৰমুখ্য কৰি সকলো শীৰ্ষ পৰ্য্যায়ৰ নেতাই কৰযোৰে অভিবাদন কৰিলেও কিন্তু নিতিন গাদকাৰীয়ে প্ৰধানমন্ত্ৰী মোদিৰ পিনে চোৱাও নাছিল আৰু সম্ভাষণো জনোৱা দেখা নগৈছিল। ইয়াৰ পৰা প্ৰমাণিত হৈছে যে সম্প্ৰতি মোদি-গাডকাৰীৰ শীতল সংঘাত তুংগত!
সেই সপ্ৰতিভ বিজেপি নেতা নিতিন গাডকাৰীয়েই যোৱাতো দিনত ভাষ্য প্ৰদান কৰিছে যে - ভাৰতবৰ্ষ এখন দুখীয়া মানুহৰ ধনী দেশ। India is a rich country of the poor people. আজিৰ তাৰিখত এয়া নিৰ্ঘাত সত্য কথা। তেওঁৰ এই মন্তব্য প্ৰকাশ পাইছে, যেতিয়া নেকি ভাৰতৰ দ্বাৰা প্ৰক্ষেপিত ৰকেট চন্দ্ৰযান-৩ য়ে চন্দ্ৰপৃষ্ঠৰ দুৰ্গম দক্ষিণ মেৰুত অৱতৰণ কৰিবলৈ সক্ষম হল। ISRO ৰ দ্বাৰা প্ৰক্ষেপিত চন্দ্ৰপৃষ্ঠৰ দক্ষিণ মেৰুত অৱতৰণ কৰা দুৰগামী চন্দ্ৰযান-৩ য়েই হল বিশ্বৰ প্ৰথমখন যান।
নীতিন গাডকাৰীয়ে কোৱাৰ দৰে ভাৰতবৰ্ষ নিসন্দেহে দুখীয়া মানুহৰ এখন ধনী দেশ। কাৰণ,বিশ্বৰ ভিতৰত আটাইতকৈ ধনী পূঁজিপতি আদানী আম্বানীৰ দেশৰ আশী কোটি দৰিদ্ৰই চৰকাৰে বিতৰণ কৰা বিনামূলীয়া চাউল খাই যেনে তেনে পেট প্ৰৰ্ৱতাই আছে এইখন ধনী মানুহৰ দেশত।দেশৰ মুঠ ঘৰুৱা উৎপাদন অন্য বহু দেশৰ তুলনাত ওপৰত আছে যদিও জনমূৰি আয় বহু নিম্নত অৱস্থান কৰিছে আমাৰ দেশে। ইয়াৰ দ্বাৰা দেখ দেখকৈ ওলাই পৰিছে দেশৰ অৰ্থনৈতিক বৈষম্যতা। অকল GDP বেছি হলেই যে দেশৰ অৰ্থনৈতিক অৱস্থা টনকিয়াল হয় বুলি থোৰতে ঠাৱৰ কৰিব নোৱাৰি। দেশৰ জনমূৰি আয়ো সন্তুষ্টিজনক হব লাগিব তেহে দেশৰ অৰ্থনৈতিক অৱস্থা সুস্থ বুলি কব পৰা যায়।
বিশ্ব বেংক, আন্তৰ্জাতিক মুদ্ৰাকোষৰ পৰা ঋণ লৈ,সাধাৰন বয়বস্তৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ ওপৰত কৰ কাটল বঢ়াই মধ্যবিত্তীয় শ্ৰেনীটো কোঙা কৰি জোৰা টাপলি মাৰি বিশ্ব অৰ্থনীতিত বৰ চুৰিয়াৰ ফেৰ মাৰিলেও কিন্তু ভাৰতবৰ্ষখন সুস্থ অৰ্থনীতিত থকা নাই।এফালে কৃষক বণুৱা দিনে দিনে দৰিদ্ৰ সীমাৰেখাৰ তলত পোত গৈ আছে, আনফালে মুষ্টিমেয় ধনীক শ্ৰেনীটো আৰু বেছি ধনী হৈ গৈ আছে; কাজেই ধনী আৰু দুখীয়াৰ মাজত থকা সীমাৰেখা ডালৰ ব্যৱধান বেছি হৈ গৈ আছে। দুখীয়াৰ পৰা ধনীয়ে আৰু অধিক আতঁৰি গৈ আছে।
ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানবোৰ ব্যক্তিগত খণ্ডত চৰকাৰে বিক্ৰি কৰি দিয়াৰ বাবে বহু কল কাৰখানা, ক্ষুদ্ৰ উদ্যোগ আদি বন্ধ হোৱা বাবে নিবনুৱা সমস্যাই ভয়ানক ৰূপত বৃদ্ধি পাইছে দেশত। চাকৰি বাকৰিৰ কথাতো বাদেই, সৰু সুৰা উদ্যোগ, কুটিৰ শিল্প,ক্ষুদ্ৰ ব্যৱসায় আদিত মাধমাৰ পৰিছে মুষ্টিমেয় কৰ্পোৰেট গোষ্ঠীৰ কঢ়াল গ্ৰাসত পৰি। কেইজন মান বৃহৎ পূঁজিপতিৰ হাতত দেশৰ সিংহভাগ ধন এইখন চৰকাৰৰ দিনত অৰ্পন কৰা বাবে দেশৰ মধ্যমীয়া আৰু ক্ষুদ্ৰ উদ্যোগবোৰত অচলাৱস্থাৰ সৃষ্টি হৈছে ফলত দেশৰ বৃহৎ সংখ্যক বনুৱা মজদুৰৰ কৰ্ম সংস্থান নাইকিয়া হৈ গৈ আছে।
জনসংখ্যাৰ ফালৰ পৰা চীনক অতিক্ৰম কৰা ভাৰতবৰ্ষৰ দৰে জনবহুল দেশ এখনত মেন পাৱাৰ সংকোচন কৰি হাই টেকনলজিৰ উদ্যোগ নিৰ্মাণে পাইকাৰী হাৰত পন্য সামগ্ৰী উৎপাদন কৰি ৰপ্তানিৰ হাৰ অধিক পৰিমানে বৃদ্ধি কৰি পূঁজিপতি উদ্যোগপতিক প্ৰচুৰ পৰিমাণে লাভান্বিত কৰিছে ঠিকেই, বিপৰীতে কিন্তু কৰ্ম সংস্থাপন নাইকিয়া কৰি অধিক নিবনুৱাৰ সৃষ্টি কৰিছে।
ডিজিটেল ইণ্ডিয়া, মেক্ ইন ইণ্ডিয়া, চুপাৰ ফাষ্ট ইণ্ডিয়া, বিশ্ব গুৰু আদি শ্লোগান সৰ্বস্ব ভাৰতবৰ্ষৰ প্ৰগতি বা ডেভেলপমেন্টৰ গতি ঠিকেই, কিন্তু এয়া চুফাৰফিছিয়েল (superficial) প্ৰগ্ৰেছৰ বাদে একো নহয়। সৰল ভাষাত কবলৈ হলে - বাহিৰে ৰং চং ভিতৰি কোৱাভাতুৰিৰ দৰে। অন্যাৰ্থত বাহিৰত বৰ চুৰিয়াৰ ফেৰ, ভিতৰত ঢকুৱাৰ বেৰ। ইয়াৰ জ্বলন্ত উদাহৰন হল - তদানীন্তন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প গুজৰাট আহোঁতে আহমেদাবাদ চহৰৰ ঝুপৰপট্টি (slum area) ঢাকিবলৈ ৰাতিৰ ভিতৰতে ইটাৰ ৱাল নিৰ্মান কৰোৱা কাৰ্য্য।
প্ৰগতিৰ নামত ভাৰত যিমানেই ভাগ দৌৰ নকৰক লাগে ভাৰতবৰ্ষ এখন এতিয়াও দুখীয়া ৰাষ্ট্ৰ। শতকৰা আশী শতাংশ মানুহ এতিয়াও দৰিদ্ৰতাৰ সীমাৰেখা ডালৰ ওপৰত অহা নাইকিয়া। আচল অৰ্থত দিন হাজিৰা কৰি পেটে ভাতে খাই থকা মানুহেৰে ভৰি আছে আমাৰ দেশ।
অৱশ্যে বিশ্বক চমক দেখুৱাব পৰাকৈ ভাৰতবৰ্ষত আছে অত্যাধুনিক ক্ৰায়জেনিক ইঞ্জিন, ফাইটাৰ এয়াৰক্ৰাফ্ট, অত্যাধুনিক যন্ত্ৰ পাতি, যান বাহন, অট্টালিকা, বিয়াগোম কৰ্পোৰেটৰ, বিশ্বৰ ধনাঢ্য ব্যক্তি, ক্ৰিকেটৰ ভগৱান, ফিল্ম জগতৰ শ্বাহেনশ্বাহ, লাহ বিলাহত ডুব গৈ থকা একশ্ৰেনীৰ ধনীৰ দুলাল, বিশ্বগুৰু হেন নেতা আছে ঠিকেই কিন্তু এয়া বাহ্যিকতাৰ বাদে একো নহয়। বাহিৰা ঢং মাথোঁ।
আচল ভাৰতবৰ্ষখন ভাৰতৰ গাঁও সমূহত আছে। জকাইচুকীয়া গাঁৱৰ নিঃকিন মানুহৰ নিদ্ৰাহীন ৰজনী যাপনত বিদ্যমান ভাৰতৰ ছবি! মহানগৰৰ জুগী জুপ্পীত আছে ইণ্ডিয়াৰ লাজ লগা ছবি। ইণ্ডিয়াৰ আচল চিত্ৰটো ঝুপৰ পট্টীৰ নৰ্দমাত লেতু সেতু হৈ থকা শ্লামবয়ৰ দিবাস্বপ্নত দৃশ্যমান!
দেশৰ মাটিত মাটি চহোৱা কৃষক, ভূঁই ৰুৱা ৰুৱনী, বাগানত চাহপাত বুটলা লচমি, কল কাৰখানাত হাজিৰা কৰা মজদূৰ, গেৰেজৰ মেকানিক্, মটৰ চালক, ৰিক্সাৱালা, ঘৰত বহি থকা শিক্ষিত নিবনুৱা যুৱক যুৱতীক যেতিয়ালৈকে কৰ্ম সংস্থান দি উচিত ন্যায় দিয়া নহয়, তেতিয়ালৈকে দেশ প্ৰগতিৰ পথত আছে বুলি ন দি কব নোৱাৰি।
কুটিৰ শিল্প উদ্যোগবোৰ যেতিয়ালৈকে পাইকাৰী হাৰত গঢ়ি তুলিব নোৱাৰে তেতিয়ালৈকে দেশৰ অগ্ৰগতি হৈছে বুলি কব নোৱাৰি।
দেশৰ জনতাৰ পৰা সংগৃহিত কৰ কাটলৰ টকাৰে শতকৰা বিশ টকা খৰছ কৰি আশী কোটি দুখীয়া জনতাক বয়লাৰৰ দৰে দানা খুৱাই ভোটৰ বাবে পুহি ৰাখি শতকৰা আশীভাগ অৰ্থ দুই এজন ধনীক শ্ৰেনীক খােলা হাতে লুটি দি চৰকাৰী চকিদাৰী কৰি শাসনযন্ত্ৰ চলাই থকাটোক বেলেন্স ইকনমি বুলি কব নোৱাৰি।
বেলেন্স ইকনমি হল উচিত অনুপাতে বাজেটৰ টকা সামৰিক বাহিনী, কৃষি, শিক্ষা, চিকিৎস্যা, উদ্যোগ, বিজ্ঞান ও প্ৰযুক্তিত দুৰ্নীতিমুক্ত ভাৱে খৰছ কৰি প্ৰগতি কৰা।
মন্দিৰ মছজিদ নিৰ্মাণত, সাংসদ ভৱন নিৰ্মাণত হাজাৰ কোটি টকা খৰছ কৰা, আঠ হেজাৰ কোটি টকীয়া চাৰ্টাৰ্ড বিমাণ ক্ৰয় কৰা, তিনি হাজাৰ কোটি টকা ব্যয়েৰে আৱক্ষ মূৰ্তি নিৰ্মাণ কৰা, বিধায়ক সাংসদ মন্ত্ৰীৰ দা দৰ্মহা, ভাট্টা অধিক পৰিমাণে বঢ়োৱা, পেঞ্চন তথা অন্য সা সুবিধা নিজে কৰি লৈ সামৰিক বাহিনী তথা বাকী চাকৰি বাকৰি, ৰোজগাৰ আদি নাইকিয়া কৰা কাৰ্য্য কেতিয়াও ভাল কথা নহয় এখন জনমুখী বুলি দাবী কৰা চৰকাৰৰ বাবে। আনক দেখুৱাই যধেমধে অধিক অৰ্থ ব্যয় কৰি তথাকথিত প্ৰগতি ত্বৰান্বিত কৰি ধনী ৰাষ্ট্ৰ দেখুৱাই ফিতাহি মাৰি দেখুৱাতকৈ সকলো শ্ৰেনীৰ নাগৰিকে দুবেলা দুমুঠি সুখেৰে খাব পৰাকৈ চৰকাৰে সুব্যৱস্থা কৰি দিয়াটোহে কল্যানকামী চৰকাৰৰ লক্ষ্য হোৱা উচিত।
সদায় হাট বজাৰ কৰা মানুহেহে গম পায় বজাৰৰ গতি বিধি কি! মাহটো তৰিবলৈ কম উপাৰ্জনক্ষম ব্যক্তি গৰাকীহে উপলব্ধি কৰিব পাৰে বজাৰৰ চৰা দামৰ মূল্য। মাহটো বাজেট মিলাব নোৱৰাকৈ মাছ চবজি, তেল নিমখ চাউলৰ চৰা দামৰ লগতে পেট্ৰল ডিজেল, ৰন্ধন গেছ, ইলেক্ট্ৰিক বিলে ধোঁৱা কোঁৱা দেখুৱাইছে গৃহস্থক আজিৰ তাৰিখত।
আমাক অমৃত কালো নালাগে, নালাগে আচ্ছে দিন!আমাক আগৰ বেয়া দিনবোৰেই ঘূৰাই দিয়ক। য'ত আকালো নাচিল ভড়ালো নাছিল। কিন্তু এতিয়া দেখিছোঁ ভড়ালেই ভড়াল, এমেলে মন্ত্ৰীৰ ধনৰ ভড়াল, বাহিৰা কন্ট্ৰেক্টৰৰ ধনৰ ভড়াল, চৰকাৰী ধনীৰ ঘৰত ধনৰ ভড়াল, বিপৰীতে - বাকী দৰিদ্ৰ জনতাৰ আকাল, চাকৰিৰ আকাল, ধনৰ আকাল, চাউল দালিৰ আকাল, মাছৰ আকাল, শাক পাচলিৰ আকাল, আকালেই আকাল। কিমাধিকম!।
Doksiri দকচিৰি, জানুৱাৰী, ২০২৪


No comments:
Post a Comment