ইণ্টেৰিয়ৰ ডিজাইনিং - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Monday, January 1, 2024

ইণ্টেৰিয়ৰ ডিজাইনিং



 ইণ্টেৰিয়ৰ ডিজাইনিং (Interior Designing)


ড° বুলজিৎ বুঢ়াগোহাঁই


      ডিজাইনিং হৈছে কলাত্মক প্ৰতিভা আৰু সৃষ্টিশীলতাৰ মিশ্ৰণ। ডিজাইনে কেইবাটাও ভিন্ন ক্ষেত্ৰ সামৰি লয়। ইয়াক বিভিন্ন ভাগত ভাগ কৰিব পাৰি  যেনে - ফেশ্বন ডিজাইনিং, প্ৰডাক্ট ডিজাইনিং, গ্রাফিক ডিজাইনিং , ইণ্টেৰিয়ৰ ডিজাইনিং আদি। ফেশ্বন ডিজাইনিঙত কাপোৰ আৰু বস্ত্ৰশিল্প; প্ৰডাক্ট ডিজাইনিঙত প্ৰডাক্টৰ ডিজাইন; গ্রাফিক ডিজাইনিঙে ৱেবছাইট, চিনেমা, ল'গ', চিনেজ আদিৰ বাবে ডিজাইনিং কৰে; ইণ্টেৰিয়ৰ ডিজাইনিং  হৈছে বাসস্থানৰ ব্যৱস্থা অৰ্থাৎ ঘৰ, কাৰ্যালয়, খুচুৰা দোকান, শ্ব'ৰুম, হোটেল, বিমানবন্দৰ, প্ৰদৰ্শনী হল, কনফাৰেন্স চেণ্টাৰ, থিয়েটাৰ, টিভি আৰু চলচ্চিত্ৰ ষ্টুডিঅ' আৰু বাণিজ্যিক প্ৰতিষ্ঠান আদিত কোঠাৰ ভিতৰৰ অংশ সংগঠিত, পৰিচালনা আৰু পৰিকল্পনা কৰা।

      এজন সফল ইণ্টেৰিয়ৰ ডিজাইনাৰ হ’বলৈ হ’লে প্ৰাৰ্থীগৰাকীৰ চফ্ট স্কিল আৰু হাৰ্ড স্কিল থকা দৰকাৰ। ইণ্টেৰিয়ৰ ডিজাইনাৰ এজনৰ বাবে প্ৰয়োজনীয় কিছুমান চফ্ট  স্কিল  হ’ল- সৃজনশীলতা, সমস্যা সমাধান,যোগাযোগ, নেতৃত্ব, দলীয় কাম, নমনীয়তা, ধৈৰ্য্য, নেতৃত্ব , সময় ব্যৱস্থাপনা, সাংগঠনিক দক্ষতা, দীঘলীয়া সময়ৰ বাবে কাম কৰিবলৈ সক্ষম আদি । ইণ্টেৰিয়ৰ ডিজাইনাৰসকলৰ বাবে প্ৰয়োজনীয় কিছুমান হাৰ্ড স্কিল  হ’ল- অংকন কৰাৰ দক্ষতা, ছফ্টৱেৰ  দক্ষতা, ডিজাইনৰ ধাৰা, ষ্টাইলৰ জ্ঞান আদি ।


        ইণ্টেৰিয়ৰ ডিজাইনাৰসকলে স্থপতিবিদ বা স্থাপত্য প্ৰতিষ্ঠান, বিল্ডাৰ, ৰাজহুৱা কাম বিভাগ, হোটেল আৰু ৰিজৰ্ট , চিকিৎসালয়, টাউন প্লেনিং ব্যুৰো, আঞ্চলিক আৰু মহানগৰ উন্নয়ন কাম, ব্যক্তিগত পৰামৰ্শদাতা, ষ্টুডিঅ’ আৰু থিয়েটাৰ আৰু প্ৰদৰ্শনী আয়োজক আদিৰ সৈতে  নিযুক্তি পাব পাৰে। নিজাকৈ ব্যৱসায়  আৰম্ভ  কৰিব পাৰে।

     ইণ্টেৰিয়ৰ ডিজাইনিং (Interior Designing) পঢ়িব বাবে ছাত্র-ছাত্রীসকলে হাইস্কুল শিক্ষান্ত চূড়ান্ত পৰীক্ষা বা উচ্চতৰ মাধ্যমিকৰ যিকোনো শাখাত চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হ’ব লাগে । ইণ্টেৰিয়ৰ  ডিজাইনিঙত চাৰ্টিফিকেট, ডিপ্লমা , স্নাতক ,স্নাতকোত্তৰ আৰু পি.এইচ.ডি. পাঠ্যক্রম  অধ্যয়ন কৰিব পাৰে । এইখিনিতে এটা কথা উল্লেখ কৰা ভাল হ’ব যে - একাগ্রতা আৰু সৃজনশীলতা মন থাকিলে আনুষ্ঠানিক শিক্ষা অবিহনেও পৰম্পৰাগত প্রশিক্ষণেৰেও এগৰাকী সফল ইণ্টেৰিয়ৰ ডিজাইনাৰ হ’ব পাৰে।

    ইণ্টেৰিয়ৰ ডিজাইনিং পাঠ্যক্রম অধ্যয়ন কৰিব পৰা কেইখনমান শিক্ষানুষ্ঠান হ’ল-নেচনেল ইনষ্টিটিউট অৱ ডিজাইন (এন আই ডি) (https://www.nid.edu),আৰ্ক কলেজ অৱ ডিজাইন এণ্ড বিজনেছ (https://www.archedu.org), আপিজয় ইনষ্টিটিউট অৱ ডিজাইন  (https://www.apeejay.edu/aid/) ,জৰ্জ ইনষ্টিটিউট অৱ ইণ্টেৰিয়ৰ ডিজাইন (https://www.giid.in) ,আইচিএটি ডিজাইন এণ্ড মিডিয়া কলেজ  (https://www.icat.ac.in) ,নোয়াল কলেজ অৱ ইণ্টেৰিয়ৰ ডিজাইনিং (https://noyalcollege.in)আদি।

    ইণ্টেৰিয়ৰ ডিজাইনিঙৰ বিভিন্ন  পাঠ্যক্রম অধ্যয়ন কৰা সকলে  বিভিন্ন পদত নিযুক্তি লাভ কৰিব পাৰে  । নিযুক্তি লাভ কৰিব পৰা  বিভিন্ন পদবোৰ হ’ল -   ইণ্টেৰিয়ৰ ডেকোৰেটৰ (Interior Decorator),কলাৰ কনচুলটেণ্ট (Colour Consultant), কৰ্পৰেট ইণ্টেৰিয়ৰ ডিজাইনাৰ (Corporate Interior Designer), এক্সিবিশ্যন ডিজাইনাৰ (Exhibition Designer),কিটচেন ডিজাইনাৰ (Kitchen Designer), লেণ্ডস্কেপ আৰ্কিটেক্ট (Landscape Architect), লাইটিং ডিজাইনাৰ (Lighting Designer), প্ৰডাকচন ডিজাইনাৰ (Production Designer), ৰিটেইল ইনটিৰিয়ৰ ডিজাইনাৰ (Retail Interior Designer),ভিজুৱেল মাৰ্চেণ্ডাইজাৰ (Visual Merchandiser) আদি।



ড° বুলজিৎ বুঢ়াগোহাঁই

কেৰিয়াৰ পৰামৰ্শদাতা   তথা

মুৰব্বী, যান্ত্রিক অভিযান্ত্রিক বিভাগ, অসম ডন বস্ক’ বিশ্ববিদ্যালয়

ফোন: ৯৪৩৫১৮৮৬৩০

ই-মেইল: buljit@gmail.com

www.buljit.com 


বি.দ্র. কেৰিয়াৰ বিষয়ৰ বিভিন্ন কথা কোনো আগ্ৰহী শিক্ষাৰ্থীয়ে জানিব বিচাৰে ,তেন্তে প্ৰত্যেক শনিবাৰে বিয়লি ৬-৯ বজাৰ ভিতৰত ফোন(৯৪৩৫১৮৮৬৩০)ত যোগাযোগ কৰিব পাৰে।


Doksiri দকচিৰি, জানুৱাৰী, ২০২৪


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages