মধু-ৰমলা - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Sunday, December 31, 2023

মধু-ৰমলা

 


মধু-ৰমলা 


                  পৱন বৰ্মন


ইউ.পি. ৰপৰা পোনে পোনে মধুদা ৰাসলৈ ওলাল- 

গনেশ মন্দিৰত 

থিয় হৈয়ে মধুদা অবাক

ভাব হ'ল কলি যুগতো তেওঁৰ মহিমা অপাৰ! 


ঠেলা-হেঁচা কাটি-কৰি পাৰ হওঁতে চেণ্ডেলযোৰ ছিগিল! 

মিনা বাজাৰ, যাদু, ডিস্ক'ডান্স আৰু কত কি... 


থিয়েটাৰৰ পাঁচটাকৈ দৰ্শনী-

পকেটমাৰ

চিগাৰেটৰ ধোঁৱা

ভঙা বটল

শীতক নেওঁচি স্বল্পবস্ত্ৰা ৰমলা... 


হৰি মন্দিৰ পাওঁতে পাওঁতে মধুদাৰ অৱস্থা কাহিল 


কোনোমতে ওলাই মধুদা, হাউলি পালেগৈ

তাতো একেই-

এশ টকাত ৰেঞ্জ ৰ'ভাৰ

লানি নিছিগা সোঁত 


ধৰাহ'ল মধু - শ্ৰীকৃষ্ণ

ৰমলা - ৰাধা


মধুদাৰো হেঁপাহ ৰমলাক ৰেঞ্জ ৰ'ভাৰত উঠাই

বৃন্দাবন ফুৰোৱা-


Doksiri দকচিৰি, জানুৱাৰী, ২০২৪

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages