NOT FOR SALE মোৰ দেশ - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Monday, January 1, 2024

NOT FOR SALE মোৰ দেশ

 




NOT FOR SALE মোৰ দেশ


প্ৰণৱ কুমাৰ বৰ্মন 


মোৰ দেশক তুমি ইমান সহজতে বিক্ৰি কৰিব নোৱৰা হে ৰাজনীতিক, হে নেতা,মন্ত্ৰী, হে কোম্পানীৰ কৰ্তৃপক্ষ

মোৰ দেশমাতৃৰ গৰ্ভ বিদাৰি তুমি নিব পাৰিবা তেল, লো, কয়লা, হীৰা 

পিন্ধাব পাৰিবা প্ৰিয় নাৰীক গলহাৰ 

সজাবা পাৰিবা প্ৰাসাদ 

মধুমতী নায়িকাৰ পালংকশয়নত কৰিব পাৰিবা সোমৰস পান 

কিন্তু মোৰ দেশক তুমি সহজতে বিক্ৰি কৰিব নোৱাৰা হে ৰাজনীতিক 


মোৰ দেশমাতৃৰ তুমি বস্ত্ৰহৰণ কৰিব পাৰিবা 

কিন্তু নোৱাৰিবা কৰিব উলংগ 

ক'ৰবাত এতিয়াও কৃষ্ণ সাৰে আছে

দেশমাতৃৰ লাজ ঢাকিবলৈ আছে ত্ৰিৰংগা 

শুকাই বালিচৰ হোৱা নাই ব্ৰহ্মপুত্ৰ গংগা 

মোৰ দেশক তুমি ইমান সহজতে বিক্ৰি কৰিব নোৱাৰা হে ৰাজনীতিক, হে দালাল, হে কোম্পানী কৰ্তৃপক্ষ


মোৰ দেশ অংকিত হৈ আছে বাল্মীকিৰ কাপ মৈলামত 

থিয় হৈ আছে ৰাম আৰু ৰামায়ণৰ গম্বুজত 

হিৰণ্যকশিপু হৈ য'তেই কৰিবা পদাঘাত 

চেতনাত অথবা স্বাধীনতাত 

বাক অথবা ভোকৰ ভাত 

তাতেই প্ৰতিবাদ তাতেই মুৰ্দাবাদ 

তাতেই মুষ্টিবদ্ধ হাত 

নখাল নৰসিংহৰ নিনাদ 


মোৰ দেশৰ মানচিত্ৰ কুৰুক্ষেত্ৰৰ তেজেৰে অংকিত 

ন্যায়ৰ বাবে গাণ্ডীৱ টংকাৰ আজিও বাজে 

শৰশয্যাত পিতামহ ৰক্তাক্ত 

কৰ্ণ ভূপতিত, দ্ৰোণাচাৰ্য্য নিহত 

তুমি কোন কূটা হে ধৃতৰাষ্ট্ৰ 

কোম্পানী বহুজাতিকৰ মোহত অন্ধ 

বব্ৰুবাহন সাৰে আছে মণিপুৰত 

মোৰ দেশক তুমি ইমান সহজতে বিক্ৰি কৰিব নোৱাৰা 

বেদত শিপাই পুষ্প পত্ৰ বিকশিত মোৰ দেশ 

যাৰ অনেক ফুলৰ নাম গীতা, ত্ৰিপিটক, চাৰ্বাক, শৈৱ, শাক্ত, শংকৰাচাৰ্য, কীৰ্ত্তন ঘোষা, বিবেকানন্দ 

যাৰ অনেক ফলৰ নাম গৌতম বুদ্ধ, মহাত্মা গান্ধী, সুভাষ বোস, লাল বাল পাল,

খুদিৰাম, ভগৎ সিং, কুশল কোঁৱৰ, আব্দুল কালাম, লালবাহাদুৰ, কালাম আজাদ 

যাৰ শিপাত শিবাজী, মংগল পাণ্ডে, গোমধৰ, টিপু চুলতান 

সেই বোধৰ বৃক্ষ- NOT FOR SALE


মোৰ দেশক তুমি বজাৰৰ পণ্যৰ দৰে দৰদাম কৰিব নোৱাৰা 

শতাংশ হিচাপত দিব নোৱাৰা ৰেহাই 

লগাব নোৱাৰা নিলামত বাজি 

মোৰ দেশ মানে কেৱল ক্ৰিকেট নহয় 

নহয় নিৰ্বাচনত নিৰংকুশ সংখ্যাগৰিষ্ঠতা 

নহয় জোট বন্ধন, নহয় দলাদলি, সংসদৰ হতাহতি 

নহয় উচ্চতম অট্টালিকা নিৰ্মানৰ গৌৰৱ


মোৰ দেশ  থিয় হৈ আছে আকাশ চুই 

আকবৰৰ দীন ইলাহীত, পুৰুৰ দম্ভত, অশোকৰ সাৰনাথত, কৌটিল্যৰ অৰ্থশাস্ত্ৰত, লীলাৱতীৰ বীজগণিতত 


মোৰ দেশৰ কন্ঠত গালিবৰ শ্যায়েৰী, তানসেনৰ সুৰ,মীৰাবাঈৰ ভজন 

কবীৰৰ কাব্য, মজৰুহ চুলতান পুৰী, গুলজাৰৰ পদ্য, কে সচ্চিদানন্দ, ইকবাল, নজৰুল, কবিগুৰু ৰবীন্দ্ৰ গীতি, জীৱনানন্দ, নবকান্ত তোমালোকৰ মণি মুকুতাতকৈ অনেক বেছি যাৰ মূল্য 

মোৰ দেশক তুমি ইমান সহজতে বিক্ৰি কৰিব নোৱাৰা 

পাল্লাত তুলিব নোৱাৰা দেশৰ স্বাধীনতাক 


এই দেশৰ মানচিত্ৰ অঁকা আছে গুলি লগা জোৱানৰ বুকুত,

খেতিয়কৰ গোৰোহাত, দলিতৰ নিৰ্যাতিত পিঠিত,

ফাঁচিকাঠত, প্ৰতিটো মন্দিৰ মছজিদ গীৰ্জা  গুৰুদ্বাৰত, শিশুবোৰৰ হাঁহিত, তিৰোতাবোৰৰ সপোনত, যুৱক যুৱতীৰ উশাহত, বৃদ্ধ জনৰ স্মৃতিত, ছহিদ মাতৃৰ চকুলোত 


তুমি তেওঁলোকৰ ত্যাগৰ পৰা কেনেদৰে কাঢ়ি নি বিক্ৰি কৰিবা মোৰ দেশক 


মোৰ দেশক তুমি ইমান সহজতে বিক্ৰি কৰিব নোৱাৰা 

হে ৰাজনীতিক, হে নেতা,হে মন্ত্ৰী,হে কোম্পানীৰ কৰ্তৃপক্ষ


NOT FOR SALE মোৰ দেশ!


Doksiri দকচিৰি, জানুৱাৰী, ২০২৪

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages