মানৱতা
নাজমিনা মজিদ
ৰিতা মাৰ্জিত পোছাক পৰিধাৰণ কৰি ভাল পায়। এদিন বাইকৰে গৈ থাকোতে বতাহত তাইৰ উৰণিখন এফালে দীঘলকৈ ডিঙিৰ পৰা সৰকি পৰিল তাই গ'মেই নাপালে। তাইৰ চিন্তা কেৱল সময়ৰ আগত পৰীক্ষা হলত পাব লাগে। ল'ৰা জন বহুদূৰৰ পৰা টেটু ফালি চিঞৰিছে তাৰ মাত শুনা নাযায় কিন্তু অস্বাভাৱিক আচৰণ কৰিছে। তাই পিছফালে ঘূৰি চালে ভাৱিলে মদাহী কিজানি। ল'ৰাটো আকৌ কিবা ক'ব বিচাৰিছে একো শুনা নাযায় বতাহত। এইবাৰ হাতেৰে বাইকৰ চকাৰ ফালে আঙুলিৰে বুজাইছে। ৰিতা লক্ষ্যত কৰাত দেখা পালে। উৰণিখন বতাহত চকাৰ ফালে গতি কৰিছে। ৰিতাই লগে লগে অনুশোচনা কৰিলে মানৱতা এতিয়াও জীয়াই আছে। সকলোবোৰ ল'ৰাই যে ছোৱালী জোকাই ফুৰে এইটো নহয় ! ৰিতাই বাৰে বাৰে ঈশ্বৰক কৃতজ্ঞতা জ্ঞাপন কৰি ক'লে ল'ৰাটোক ধন্যবাদ জনাবলৈ সময় নাই। তুমি মংগল কৰিবা প্ৰভূ মোৰ বাবে কিজানি তাৰ কণ্ঠস্বৰ ভাঙি থাকিল।
Doksiri দকচিৰি, জানুৱাৰী, ২০২৪


No comments:
Post a Comment