কাল্পনিক
হীৰক জ্যোতি দাস
হাজো
তোমাক দি য়োৱা প্ৰতিশ্ৰুতি মতে ই কেইবাটাও বসন্তৰ পিছত কাঞ্চন চহৰত খোজ পেলালো । তুমি যে কৈছিলা নীলা ৰঙৰ টি চাৰ্ট ত তোমাক বৰ মৰম লাগে ।সেয়ে তোমাৰ প্ৰিয় ৰঙৰ টি চাৰ্ট টোৱে পিন্ধি আহিছিলো।
কিমান দিনৰ পিছত য়ে তোমাক দেখাৰ হাবিয়াস পূৰণ হব কিমান য়ে আনন্দ ।এই বোৰ ভাবোতে কেতিয়ানো নিদিষ্ট ষ্টেচন পালোহি গমকে নাপালো।ট্ৰেনৰ পৰা নমাৰ পিছতে হঠাৎ বতৰটো গোমা হৈ পৰিল , আকাশ খন কলা ডাৱৰে ছানি ধৰিলে ।মনটো অজান আশংকাৰে ভৰি পৰিল ।মনত নানা চিন্তা ই জুমুৰি ধৰিলে। তুমি তুমি.... থিকেই আছা তো। মনটো ও কিবা অস্থিৰ হৈ পৰিল। তোমাৰ ছবি খনি দুচকুত ভাহি উঠিছে। হঠাৎ চিনাকি দাদা জন দৌৰি আহি কলেহি য়ে তাই আপুনি আহিব বুলিয়েই আজি পুৱাৰ পৰা বহু স্ফুটি ত আছিল। আপোনাক নজনোৱাকৈ য়ে আপোনাক আচৰিত কৰিবলৈ ষ্টেচনলৈ বুলি আহি থাকোঁতে সন্মুখৰ পৰা অহা তীব্ৰবেগী বাহন এখনে তাইক মহতীয়াই লৈ গ'ল।এই কথাখিনি শুনাৰ লগে লগে মোৰ ভৰিৰ তলৰ মাটি নাইকীয়া হৈ যোৱা য়েন অনুভব হ'ল।
তুমি তুমি,.... কিয় এনেকুৱা কৰিলা তোমাক দি য়োৱা প্ৰতিশ্ৰুতি বোৰ কি কৰো বাৰু এতিয়া । তুমি কোৱা বাবে তো আজিও নীলা ৰঙৰ টি চাৰ্ট টো পিন্ধি আহিছিলো। এতিয়া দেখুওৱা নো কাক। ক'ব ই বা কোনে.... নীলা ৰঙৰ টি চাৰ্ট টি ৰে তোমাক বৰ মৰম লাগে বুলি....
Doksiri দকচিৰি, ডিচেম্বৰ, ২০২৩
No comments:
Post a Comment