যান্ত্ৰিকতাৰ মাজমজিয়াত মোৰ অনুভৱৰ দলিচাত " মা"
স্বাগতা কলিতা
"স্পন্দিত হ্ৰদয়ৰ, এক হমুনিয়াহেৰে কোঠালিৰ চাৰিবেৰৰ মাজত সিচিঁ দিছো মোৰ অনুভৱৰ কঠিয়াতলি"
আগবাঢ়ি যোৱা জীৱনৰ প্ৰতিটো পদক্ষেপত তোমাৰ অনুভৱৰ মাজত ডুব খোৱাৰ দৰে আজি মোৰ এই জীৱন যাএাত আকৌ এবাৰ অনুভৱৰ দুৱাৰদলিত তুলানা কৰিব বিচাৰিছোঁ "মা", তোমাৰ কোলাৰ পৃথিৱী খন আজি মই থকা এই যান্ত্ৰিক পৃথিৱী খন নহয়।
তোমাৰ মুখত হাঁহি বিৰিঙোৱা সেই মধুৰ মূহুৰ্তটোত যেতিয়া তোমাৰ কোলাত, তোমাৰ আচঁলৰ আঁৰত লুকাই সুৰক্ষিতভাৱে টোপনি গৈছিলো, সেইদিনা কাহানিও ভবা নাছিলো, যান্ত্ৰিকতাৰ দৌৰত টোপনিও কৃএিম হৈ পৰিব অৰ্থাৎ ভাও জুৰিব লাগিব টোপনিৰ।
সৰুতে যেতিয়া ধূলি -বালি লৈ উমলিছিলো যেতিয়া ক'ৰবাত দুখ পাই কান্দিছিলো, তেতিয়া তোমাৰ কোলাত উঠি হিয়া জুৰি কান্দিছিলো। কিন্তু, আজি জানা "মা" শৰীৰৰ যান্ত্ৰনাই মোক আঘাত নকৰে, নোলাই চকু পানীও। তেতিয়াহে উচুপু যেতিয়া আগবাঢ়ি যোৱাৰ কণ্টকময় বাটত আঘাত লাগে মোৰ সপোন বোৰত, আশাবোৰত।
মই ডাঙৰ হলো ন 'মা ? আতৰি থাকিব পৰা হ'লো কৰ্তব্যৰ তাড়নাত তোমাৰ পৰা লুকাই-লুকাই কান্দিব পৰা হ'লো নিষ্ঠুৰ বাস্তৱৰ মুখামুখিত। সকলোৰে আগত ডাঙৰ হ'লেও তোমাৰ দৃষ্টিত সদায়ে সৰু সেয়েহে অনুভৱৰ আঁৰত তুমি" মা"।
আজিও অনুভৱ কঁৰো,চকু দুটা মুদি দিলেই "মা"শব্দৰ শিহৰণ কাৰী কুমলীয়া অনুভূতি ।অনুভৱ কৰো তোমাৰ সেই খন হাত, যি খন হাতেৰে তুমি পাৰ কৰি দিছিলা আদৰ্শৰ দলিচা। যি খন হাতত ধৰি মই শিকিছিলো আদৰ্শৰ বুনিয়াদী কুঁহিপাত।
জানা "মা" তোমাৰ আদৰ্শৰেইতো মোক এই যান্ত্ৰিকময় বাটত থিয় দি ৰ'বলৈ দৃঢ় কৰি তুলিলা, চকুপানীৰ মাজতো হাঁহি ৰ'বলৈ শিকালা, তথাপিতো কেতিয়াবা দুৰ্বল হওঁ! সেই থুপুক-থাপাককৈ তোমাৰ আঙুলিত ধৰি যে পৰিছিলো, তেনেদৰে পৰি ৰও কোনোৱা কোণত আজিও কিয় জানা ? "মা" তুমি দিয়া সেই ৰঙীন পৃথিৱীৰ সপোণ ৰূপী নক্সাৰ দৰে নহয় যে আজিৰ পৃথিৱী, আজিৰ পৃথিৱী যদি ৰঙীণ হয় মানুহৰ তেজেৰে ৰঙীণ, সন্ত্ৰাসৰ ধোঁৱাৰে বিয়পা এইয়া তেজৰে ৰঙীন পৃথিৱী। সেয়েহে আজি মোৰ অনুভৱৰ কোঠালিত "মা" ! কাৰণ আজি তোমাৰ বাহিৰে যে একো নাই।
ঠিকনাঃ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়, নগাওঁ
Doksiri দকচিৰি, জানুৱাৰী, ২০২৪


No comments:
Post a Comment