হেমলতা
ড° দীপক কুমাৰ দলে
মোৰ পাঠ কৰা কবিতা শুনিবলৈ
নালাগে সময় অপচয় কৰিব তুমি
নালাগে খবৰ ৰাখিব মোৰ
চিৰদিন চিৰকাল মহাকালৰ অনন্ত বুকুত
তুমি তুমি হৈয়ে থাকিবা
ইমান দুখৰ কবিতা পাঠ কৰিও
মই নিজে নিজকে কওঁ
মই যে কিমান সুখৰ পাঠ কৰিছোঁ কবিতা
হেমলতা
ত্ৰিপুৰাৰ নীৰমহল
চিমলাৰ ম্যল
ভূপালৰ ৰবীন্দ্ৰ ভৱন
দিল্লীৰ অকাদেমি হল
গুৱাহাটীৰ বিবেকানন্দ
ৰাজস্থানৰ আজমীৰ
মানালীৰ ব্যাস নদীৰ তীৰ
কাশ্মীৰৰ পেহেলগাম
গেংটকৰ চাংগো হ্ৰদ
জোনাই ৰতনপুৰৰ মোৰ আপোন পথাৰখনৰ
ধেনুভিৰীয়া নৈখনৰ পাৰ
আকাশে বিমানে
কবিতাৰ অনেক কথা
হেমলতা
মই দিনে দিনে শীতৰ শীৰ্ণ নদীৰ নিচিনাকৈ
শুকাই গৈ আছোঁ
খবৰ আছেনে তোমাৰ
মোৰ অহংকাৰ নে স্বাভিমান
মোৰ ঠেহ নে অভিমান
নিজৰ মাজতে ঘোষণা কৰিছোঁ
হেমলতা
মই হাৰি হাৰি জিকি গৈ আছোঁ
হেমলতা
যিখন নদীত আজি মই সাঁতুৰি আছোঁ
এইখন নদীৰ পাৰ মই কেতিয়াও নেপাম
যিখন যুঁজৰ যুঁজাৰু আজি মই
ইয়াত মোৰ পৰাজয় নিশ্চিত বুলি জানিও
মই অবিৰাম যুঁজিয়েই আছোঁ
সূর্য-চন্দ্ৰ সাক্ষী মোৰ জীৱন যুঁজৰ
অথচ মোৰ যুদ্ধ ক্ষেত্ৰ ঘোৰ আন্ধাৰে আৱৰা
হেৰুৱালোঁ কিমান আপোনজনক চকুৰ আগতে
হিচাপ কৰাৰ সময়েইনো পাইছোঁ ক'ত
কক্ষপথৰ পৰা নিজকে বিচ্যুত তৰা যেনেই লাগে
মোৰ আকাশ মোৰ ধৰা মোৰ দিন মোৰ ৰাতি
মোৰ নদী মোৰ অৰণ্য মোৰ ফাগুন মোৰ বসন্ত
মোৰ প্ৰেম মোৰ বাসনা
একাকাৰ হ'ল সকলো
সকলো একাকাৰ হ'ল
মইহে তাৰপৰা বিতাৰিত হ'লোঁ
হেমলতা
মোৰ পাঠ কৰা কবিতা শুনিবলৈ
নালাগে সময় অপচয় কৰিব
নালাগে খবৰ ৰাখিব মোৰ
তুমি তুমি হৈয়ে থাকিবা
চিৰদিন চিৰকাল মহাকালৰ অনন্ত বুকুত
তুমি তুমি হৈয়ে থাকিবা।
তুমি তুমি হৈয়ে থাকিবা।।


No comments:
Post a Comment