ছাব্ষ্টিটিউত্
ধন দাস
হঠাৎ এদিন সকলো ভাল লাগি গৈছিল
আমি কথা পাতিছিলোঁ
আমি কান্দিছিলোঁ
আমি হাঁহিছিলোঁ
হতাশ ৰাতিবোৰৰ হতাশা আঁতৰাই
আমি অংশীদাৰ হৈছিলোঁ বুকুৰ
ভাগি যোৱা সপোনক লৈ
আমি ভাগি পৰা নাছিলোঁ
ৰাতিৰ বিমৰ্ষতাক আমি প্ৰাণোচ্ছল কৰি সজাইছিলোঁ!
হঠাৎ এদিন সকলো ধুনীয়া হৈ পৰিছিল
কথাবোৰ উমলি আছিল ওঁঠত
ইথাৰৰ সিপাৰে তুমি ইপাৰত মই
ৰাতিক উপহাৰ দিছিলো চঞ্চলসময়
তুমি সকলো জানিও সুধিছিলা
থাকিবানে এনেকৈয়ে সদায়
কোমল-আকোল সময়
বুকুৰ পৰ্দা ঠেলি জুমি চাইছিলা মোক
মিচিকি হাঁহি এটাৰে
কুচি-মুচি সোমাই আহিছিলা মোৰ মাজলৈ
নিজকে সুধিছিলা বাৰে বাৰে
ভালে আছোঁ ন আমি
সকলো ভাল লাগি আহিছিল
ইথাৰৰ বুটাম
ৰাতিৰ নিৰৱতা
তপত উশাহ
গৈ আছিলো এনেকৈয়ে
তুমি মই / মই তুমি
ভাল লাগি থাকোঁতেই
এদিন হঠাৎ তুমি ক'লা
আমি আৰু কথা নাপাতো দিয়া ।।
(বিঃ দ্ৰঃ - মই একোকে ক'ব নাপালো)
Doksiri দকচিৰি, জানুৱাৰী, ২০২৪


No comments:
Post a Comment