অচিন কাঠৰ থোৰা - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Sunday, December 31, 2023

অচিন কাঠৰ থোৰা


 

অচিন কাঠৰ থোৰা


ৰেজিনা পাৰবিন

বাইহাটা কমলপুৰ কামৰূপ



      "মানুহৰ প্ৰথম চিনাকি আৰু কিতাপৰ প্ৰথম পৃষ্ঠাটোৱে কেতিয়াবা সঠিক উত্তৰ নিদিবও পাৰে,

সঠিক উত্তৰ পোৱা যায় একেবাৰে শেষতহে"।

      এৰা! ফেচবুকত চিনাকি কলিকতাৰ যুৱক আয়ুষ্মান দেৱনাথেৰে প্ৰেমৰ সম্পৰ্কৰে বিবাহপাশত আৱদ্ধ হোৱা অসমৰ জীয়ৰী ৰিয়াশ্ৰী কাশ্যপেও অচিন কাঠৰ থোৰা লগোৱা কিমান বিপজ্জনক আৰু তাইৰ সিদ্ধান্ত যে ভুল আছিল বিবাহৰ এমাহ নৌহওঁতেই বুজিব পাৰিলে। এটা মাল্টি নেচনেল কʼম্পেনিৰ ব্ৰাঞ্চ মেনেজাৰ হিচাপে কৰ্মৰত আৰু বঙালী সম্প্ৰদায়ৰ বুলি চিনাকি দিয়া সুদৰ্শন যুৱক আয়ুষ্মান দেৱনাথৰ প্ৰেমত ভালকৈয়ে হাবু-ডুবু খাইছিল ৰিয়া।


       বিগত ছটা বছৰে তাইক লগ কৰিবলৈ কেইবাবাৰো অসমলৈ আহিছিল আয়ুষ্মান। দুয়োৰে সম্পৰ্কবোৰ ক্ৰমে গাঢ় হৈছিল।এটি আঢ্যাৱন্ত পৰিয়ালৰ একমাত্ৰ কন্যা ৰিয়াক পৰিয়ালৰ মানুহে বিভিন্ন ধৰণে বুজাই-বঢ়াইও অইন লʼৰাৰে বিয়াত বহিবলৈ মান্তি কৰাব নোৱাৰি উপায়হীন হৈ  মাতি পঠিয়ালে আয়ুষ্মান আৰু তাৰ পৰিয়ালক।যথা সময়ত আয়ুষ্মান পিতৃ- ভাতৃৰে উপস্থিত হ'ল ৰিয়াৰ ঘৰত।আয়ুষ্মানৰ লগতে তাৰ পিতৃ-ভাতৃক ভালেই পালে পৰিয়ালৰ লোকে। তিনিটা দিন আয়ুষ্মানহঁত ৰিয়াহঁতৰ ঘৰতেই থাকি ৰিয়াৰ পৰিয়ালকো মাতি থৈ গ'ল।

         ৰিয়াৰ খুৰাক, ককায়েক,দেউতাক আৰু মহাক গৈ চাই আহিল কলিকতাত থকা আয়ুষ্মানৰ ঘৰ-পৰিয়াল।আয়ুষ্মানে কোৱা ধৰণেই সকলো ঠিকেই থকা দেখি পৰিয়াল সন্মত হ'ল ৰিয়াক বিয়া দিবলৈ।


        ভাল দিন-বাৰ আৰু শুভ লগ্ন চাই ধুমধামেৰে সম্পূৰ্ণ বৈদিক ৰীতি-নীতিৰে আয়ুষ্মান-ৰিয়াৰ বিয়াখনো সুকলমে হৈ গ'ল গুৱাহাটীৰ এটা বিবাহ ভৱনত।কইনাঘৰীয়া সকলো ৰীতি-নীতি সম্পন্ন কৰি এসপ্তাহ পিছত ৰিয়াক লৈ আয়ুষ্মান আৰু তাৰ সহযোগীসকল গুচি গ'ল কলিকতালৈ। এসপ্তাহ আয়ুষ্মান কৰ্মৰত ঠাইতেই তাৰ ভাড়াঘৰত ভালদৰে কটালে ৰিয়া।আয়ুষ্মানক নিজৰ কৰি পাই ৰিয়া বহুত সুখী। কিন্তু তাইৰ সুখ আছিল তেনেই ক্ষণিকৰ। 


    এসপ্তাহ পিছত আয়ুষ্মানে ৰিয়াই লৈ গ'ল তাৰ আপোন ঘৰখনলৈ। কলিকতাৰ মাজেৰে বৈ যোৱা হুগুলি নদীৰ পাৰতে আয়ুষ্মান বাস কৰা কলনীটো।ৰিয়াৰ উৎসাহৰ সীমা নাই।তাই লগ পাব আয়ুষ্মানৰ নিজৰ বংশ-পৰিয়ালৰ প্ৰায় আটাইবোৰ মানুহক। বিবাহৰ সময়ত মাত্ৰ কেইজনমানহে লগ পাইছিল তাই। কিন্তু তাই গৈ যি সত্যৰ মুখামুখি হ'ল সেয়া কোনোপধ্যে হজম কৰিব নোৱাৰিলে। প্ৰকৃততে আয়ুষ্মানহঁত হুগলি নদীৰ পাৰতেই থকা শৰণাৰ্থী শিবিৰতহে  দীৰ্ঘ দিন ধৰি বাস কৰি আহিছে। এটা দলিত সম্প্ৰদায়ৰ যুৱক আয়ুষ্মান। প্ৰকৃত নাম আয়ুস্মান বাছফোৰ,দেৱ নাথ নহয়। দেখাই- শুনাই সুদৰ্শন আৰু স্মাৰ্ট যুৱকজন বি কম ডিগ্ৰী ধাৰী হোৱাৰ লগতে কলিকতাৰ এখন আগশাৰীৰ চৰকাৰী চিকিৎসালয়ৰ চাফাই কৰ্মী।কৰ্মস্থলীৰ কাষতেই  এটা ভাড়াঘৰত সি ভাতৃৰ সৈতে থাকে। তাৰ পিতৃও  স্থানীয় এখন চৰকাৰী চিকিৎসালয়ত চাফাই কৰ্মী হিচাপে কৰ্মৰত।  ভাতৃয়ে অৱশ্যে পঢ়া-শুনা কৰি আছে।টকা-পইচাৰ তেনেকুৱা বিশেষ অভাৱ ঘৰখনত নাই যদিও তেওঁলোকে স্থায়ীভাৱে বাস কৰা ঠাইখনৰ পৰিবেশটোহে তেনেই আচহুৱা। হুগলি নদীৰ পাৰতে আছে আয়ুষ্মানহঁতৰ কলনিটো। শাৰী শাৰীকৈ তম্বুৰ দৰে সজা জুপুৰী ঘৰবোৰেই হৈছে তেওঁলোকৰ বাসভূমি। আয়ুষ্মানৰ ঘৰৰ মানুহবোৰ শিক্ষিত হোৱাৰ উপৰিও ঘৰৰ অৱস্থাও ওচৰ-পাজৰৰ লোক সকলৰ তুলনাত যথেষ্ট উন্নত। কিন্তু ওচৰ-পাজৰৰ পৰিবেশহে তেনেই অস্বাস্থ্যকৰ আৰু অসুবিধাজনক। যিফালেই চকু যায় সেইফালেই কেৱল দৰিদ্ৰতা আৰু পুষ্টিহীনতাৰ নিৰ্মম ছবি। শাৰী শাৰী জুপুৰি ঘৰবোৰত নাই কোনো আধুনিক সা- সুবিধা, নাই স্বাস্থ্যজনিত পৰিবেশ। প্ৰায়বোৰ ঘৰতেই হাড়ে-ছালে লগা এগালমান লেতেৰা-পেতেৰা ল'ৰা-ছোৱালী। দীঘল ওৰণিৰে মুখ ঢকা মহিলাসকলৰ চেহেৰা দেখা নগʼলেও সকলো যে পুষ্টিহীনতাৰ চিকাৰ সেয়া সহজেই অনুমেয়।শীৰ্ণকায় দেহবোৰৰ মাজত জীউবোৰ যেন কোনোমতেহে ওলমি আছে।


      তাই ইমান দিনে কল্পনা কৰি অহা ছবিখনৰ সম্পূৰ্ণ ওলোটা আৰু অকল্পনীয় আচহুৱা পৰিবেশটো দেখিয়েই ৰিয়াই নিজক সংযত কৰিব নোৱাৰিলে। এটা চিৎকাৰ কৰি তাই অজ্ঞান হৈ পৰিল।আয়ুষ্মান আৰু তাৰ ভাতৃ ঈশানে তাইক ততাতৈয়াকৈ প্ৰথমে স্থানীয় চিকিৎসালয় এখনলৈ নি প্ৰাথমিক চিকিৎসা দিয়াৰ পিছত ডাক্তৰৰ পৰামৰ্শমতে কলিকতাৰ আগশাৰীৰ চিকিৎসালয় এখনলৈ লৈ যায়।  আয়ুষ্মানে ৰিয়াক চিকিৎসালয়ত ভৰ্তি কৰায়েই তাইৰ পৰিয়াললৈ খবৰ পঠালে। প্ৰায় পাঁচ ঘণ্টামানৰ পিছতেই ৰিয়াৰ চেতনা আহিছিল যদিও তাই দেউতাকহঁত আহি নোপোৱালৈকে চিকিৎসালয়তে থকাৰ বাহনা কৰি অসুস্থ হৈ থকাৰ ভাও জুৰি থাকিল । ইমাৰজেঞ্চী বিমান সেৱাৰ যোগেদি ৰিয়াৰ ককায়েক আৰু দেউতাক এদিন পিছতেই গৈ উপস্থিত হ'ল ৰিয়া থকা চিকিৎসালয়ত। 


      ৰিয়াৰ মুখেৰে সকলো শুনি দেউতাক আৰু ককায়েক হতভম্ব হৈ পৰিল। দুয়োৰে মূৰত আকাশী সৰগ ভাগি পৰাৰ উপক্ৰম হ'ল। দুয়ো শিল পৰা কপৌৰ দৰে হ'ল যদিও কোনোমতে নিজক চম্ভালি ল'লে। প্ৰথমতে ৰিয়াক ককায়েক -দেউতাকে হোৱাবোৰ হৈ গ'ল বুলি আয়ুষ্মানৰ লগতে সংসাৰখন চলাই নিবলৈ বহুত বুজালে যদিও তাই কোনোপধ্যে পুনৰ আয়ুষ্মানৰ সৈতে উভতি নাযাওঁ বুলি ষ্পষ্টকৈ জনাই দিয়াত দেউতাকে ৰিয়াৰ ওপৰতে তাইৰ সিদ্ধান্ত এৰি দিলে। যিমান যি হ'লেও গাৰ মঙহ দলিয়াইতো দিব নোৱাৰি। ৰিয়াৰ এনে দুৰ্যোগৰ সময়ত তাই যি বিচাৰে তেওঁলোকে তাকেই কৰিব বুলিও তাইক সাহস দিলে।


       ভুৱা পৰিচয়েৰে ৰিয়াক প্ৰেমৰ জালত পেলাই বিয়া পতা বুলি আয়ুষ্মানকো বিভিন্ন ধৰণে গালি-গালাজ, ককৰ্থনা কৰিলে ৰিয়াৰ দেউতাকে ু। আয়ুষ্মানে অতি নম্ৰতাৰে নিজৰ ভুল স্বীকাৰ কৰিলে যদিও সি ৰিয়াক যথেষ্ট ভাল পাইছিল বাবে কোনোপধ্যে ৰিয়াক এৰি দিব নিবিচাৰিলে । তদুপৰি সি ৰিয়াৰ ককায়েক আৰু দেউতাকক জনালে যে প্ৰথমাৱস্থাত সি ৰিয়াক ভুৱা পৰিচয় দিছিল যদিও পিছলৈ তাৰ বিষয়ে সকলো কথাই ৰিয়াক খুলি ক'ব বিচাৰিছিল। কিন্তু ৰিয়াইহে তাৰ কথাবোৰ শুনিবলৈ আগ্ৰহী নহ'ল বা তাক কথাবোৰ কোৱাৰ  সুযোগ নিদিলে। যেতিয়াই সি ৰিয়াক সঁচা কথাবোৰ ক'বলৈ বিচাৰিছিল ৰিয়াৰ মাথোঁ এটাই কথা আছিল তুমি যিয়েই নোহোৱা, মই তোমাক বহুত ভাল পাওঁ, তুমি যি পৰিবেশৰ পৰাই নাহা কিয় মই তোমাক গ্ৰহণ কৰিবলৈ সাজু আৰু তুমি চিন্তাই নকৰিবা সুখে-দুখে মই সদায় তোমাৰ লগতেই থাকিম। পিছলৈ মোৰো এনেকুৱা হ'ল যে ৰিয়াক হেৰুৱাম বুলি ভয় খাই মিছাৰ আশ্ৰয় লওঁতে লওঁতে সঁচা কথাবোৰ কোৱাৰ সাহসেই কৰিব নোৱাৰিলোঁ। এটাৰ পিছত আনটোকৈ মিছাবোৰ ঢাকিবলৈ মোৰো কমখন লটি-ঘটি হোৱা নাছিল। 


       পিছলৈ আপোনালোকে মোৰ ঘৰ চাবলৈ আহোঁতেও মোৰ ঘৰ বুলি দেখুৱাবলৈয়ো একেলগে পঢ়া বন্ধুৰ পৰিয়ালটোক কিমান যে কাকুতি-মিনতি কৰি সৈমান কৰিব লগীয়া হৈছিল। তদুপৰি মই যাতে কোনো কাৰণতে আগতীয়াকৈ ধৰা পৰি নাযাও তাৰ বাবেও অনবৰতে সচেতন হৈ থাকিব লগীয়া হৈছিল। আপোনালোকে বিশ্বাস কৰক বা নকৰক মই ৰিয়াক সঁচা হৃদয়েৰে ভাল পাওঁ । মই ৰিয়াক একেবাৰে ঠগিব বিচৰা নাছিলোঁ আৰু এতিয়াও মই কথা দিছোঁ কোনো কাৰণতে মই ৰিয়াক কষ্ট পাবলৈ নিদিওঁ।ৰিয়াই কল্পনা কৰা এগৰাকী উচ্চ পদবীধাৰী বিষয়াৰ পত্নীৰ নিচিনাকৈয়ে মই তাইক সুখত ৰাখিম। আমাৰ সমাজ জীৱনৰ লগত জড়িত ৰীতি-নীতিবোৰ শেষ হ'লেই মই তাইক মোৰ কোৱাৰ্টাৰলৈ লৈ যাম। আয়ুষ্মানে ৰিয়াক দুহাত যুৰি ক্ষমা বিচাৰিলে যদিও তাই এবাৰলৈও ঘূৰিকে নাচালে আয়ুষ্মানৰ ফালে।


      ৰিয়া কোনোপধ্যে আয়ুষ্মানৰ সৈতে সংসাৰ কৰিবলৈ ৰাজী নোহোৱাত ককায়েক আৰু দেউতাকে বাধ্য হৈ তাইক ঘৰলৈ উভতাই আনিলে। এটি বিষন্ন মন লৈ আয়ুষ্মান ভাতৃসহ তাৰ নিজৰ ঘৰলৈ খালী হাতে উভতি গ'ল। যাত্ৰা পথত আয়ুষ্মানৰ মনলৈ আহি থাকিল বিগত ছটা বছৰে ৰিয়াৰ সৈতে দূৰে দূৰে থাকিও অনুভৱ কৰা পৰম সুখবোৰ। কিন্তু একেসময়তে তাৰ মনলৈ আহিল তাতকৈ পাঁচ বছৰৰ সৰু ভাতৃয়ে আগতেই সকিয়াই দিয়া এষাৰি কথা----

      দাদা,সময় থাকোঁতেই ভাবীক সকলো খুলি কোৱা। কিয়নো,

         "কাৰোবাক ঠগি হয়তো তুমি

         দুদিন সুখত থাকিব পাৰিবা

         কিন্তু মনত ৰাখিবা 

         যিদিনা ভগবানে ঠগিব

         গোটেই জীৱন কান্দিব লাগিব।

    সঁচাকৈয়ে ৰিয়াক ঠগাই লাভ কৰা সফলতাই এতিয়া চিৰদিনলৈ কন্দুৱাব আয়ুষ্মানক।

     ঘৰলৈ ঘূৰি অহা ৰিয়াও একেবাৰে ভাগি পৰিল। খোৱা-বোৱা বাদ দি অনবৰতে তাই ঘৰৰ ভিতৰতেই সোমাই কান্দি থকা হ'ল।ৰিয়াৰ এই অৱস্থা দেখি শংকিত আৰু চিন্তিত হৈ পৰিল তাইৰ পৰিয়াল। দুদিনমান তাইক কান্দিবলৈ দি দেউতাকে অতি মৰমেৰে বুজনি দিলে, 

      মাজনী,

                  জীৱনটো গণিতৰ দৰে

                  আনন্দবোৰ যোগ কৰা

                  হতাশাক বিয়োগ কৰা

                   সুখক পূৰণ কৰা

                   দুখক ভাগ কৰা

                  আৰু এটা সুন্দৰ সমীকৰণ দি

                  জীৱনটো উপভোগ কৰা।

   বিছনাত শুই শুই কান্দি থকা ৰিয়াই একেজাপে উঠি দেউতাকৰ ডিঙিত সাৱটি ধৰি ডাঙৰ ডাঙৰকৈ কান্দিব ধৰিলে। তাইৰ দুখবোৰ ভাগ ভাগ হৈ ওলাই যাওক বুলিয়েই কোনেও তাইক বাধা নিদিলে।


Doksiri দকচিৰি, জানুৱাৰী, ২০২৪


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages