প্ৰত্যাগমন - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Friday, December 1, 2023

প্ৰত্যাগমন


 

প্ৰত্যাগমন


ৰেজিয়া চৌধুৰী

গুৱাহাটী


     চ্চ পদত কৰ্ম্মৰত আঢ্যবন্ত ল'ৰাৰ পৰিয়ালে বিয়াৰ প্ৰস্তাৱত বিচৰা দাবীসমূহ – পূৰ্ণ কৰাৰ নিমিত্তে  ,তাইৰ ঘৰখনে যে কেনেকুৱা কেনেকুৱা পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হৈছিল ! তথাপিও মাক -বাপেকৰ কথা এটাই --তাইৰ সুখতে সিহঁত সুখী। তাই যৌতুকত অনা বয়-বস্তুবোৰ এপদো তাইৰ ভাগ্যতেই নিমিলিল। কাৰণ ননদিনীৰ বিয়াত শাহুমাকে  সকলোবোৰ উছৰ্গা হিচাপে প্ৰদান কৰি দিলে।  সেই সময়ত তাইৰ অসহনীয় বেদনাসিক্ত দুচকুত কেৱল এটাই ছবি ভাঁহি উঠিছিল ,--অসহায় হৈ পৰা পিতৃ-মাতৃৰ কৰুণ মুখখন। শেষত তাই এটাই কথা শাহুমাকক কৈ গ'ল --"মোৰ পৰিয়ালটোক সমূলি যৌতুকৰ ভোকে গ্ৰাস কৰাৰ দৰে যাতে তাইৰ লগত (ননদ ) প্ৰত্যাগমন নঘটে !"


Doksiri দকচিৰি, ডিচেম্বৰ, ২০২৩


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages