নীলা খামৰ চিঠি
ৰুবি বৰগোহাঁই
গোলাঘাট
প্ৰতি
তোমালৈ,
বহুত দিনৰ মূৰত তোমালৈ বুলি এখন চিঠি লিখিলো, নাজানো ডাকোৱালে তোমালৈ পোৱাই নে নোপোৱাই। আশাকৰোঁ তুমি কুশলে আছা, মোৰ খবৰ লবলৈ তোমাৰতো সময়েই নাই। মই জানো তুমি যে এতিয়া বহুত ব্যস্ত। সময়ে সকলোকে সলনি কৰে আৰু হয়তো সময়ৰ লগে লগে আমি দুয়ো অচিনাকী হৈ গ'লো,"আমি"ৰপৰা তুমি, মই হৈ গ'লো। তোমাৰ ঘৰত সকলোৰে ভাল নিশ্চয়। এটা কথা কি জানা, যিদিনাৰপৰাই তুমি মোৰ জীৱনত অমানিশা নমাই গ'লা, সেইদিনাৰ পৰাই মোৰ বেয়া। নিজৰ মিছা হাঁহিৰে সকলোকে বুজাব বিচাৰোঁ যে মোৰ খবৰ বহুত ভাল। মোৰ দুখবোৰৰ কাৰণ মই তোমাক নিদিওঁ।
ক'ম ক'ম বুলি বহু কথাই তোমাক কোৱা নহ'ল, মাথোঁ ধেমালি কৰিলো, কাজিয়া কৰিলো। ধেমালি আৰু কাজিয়াৰে তুমি মোৰ মন আৰু হৃদয় কেতিয়ানো কাঢ়ি নিলা গমেই নাপালো। কথাবোৰ মোৰ বৰ মনত পৰে। এনেকুৱা লাগে তুমি মোৰ জীৱনলৈ পোহৰ বিলাবলৈ নহয় আন্ধাৰ বিলাবলৈহে আহিলা। তোমাক লৈ বহুতো সপোন ৰচিছিলো। আচলতে, ভুল মোৰেই আছিল কাৰণ মই ভাৱিব পৰা নাছিলো যে এই পৃথিৱীত কোনো বস্তুৱেই স্হায়ী নহয়।
এতিয়া সপোন ও মূল্যহীন আৰু মই ও মূল্যহীন হ'লো তোমাৰ বাবে। সময় যে কিমান নিষ্ঠুৰ মোক শিকাই থৈ গ'ল। এটা কথা মোৰ জানিবলৈ থাকি গ'ল যে__ তুমি মোক কিয় প্ৰতাৰণা কৰিলা? মোৰ কি দোষ আছিল কৈ যোৱা হ'লে ইমান বেয়া নালাগিল হয়। আৰু কি জানা, এতিয়া মই প্ৰেমৰপৰা বহুত দূৰতেই থাকোঁ, কাৰো প্ৰয়োজনবোধেই নকৰোঁ। কাৰণ এতিয়াযে মই তোমাৰ সেই আগৰ ভালপোৱা ছোৱালীজনী নহয়।
বাৰু বাদ দিয়া, সময় পালে অতীতৰ ধুনীয়া পৃষ্ঠাবোৰ এবাৰ খুলি চাবা। মই যে এতিয়াও তাৰ মাজতে আৱদ্ধ। তোমাক আৰু আমনি নকৰোঁ। ভগৱানৰ ওচৰত এটাই প্ৰাৰ্থনা কৰিম তুমি সুখী হোৱা, তোমাৰ সুখতেই মই সুখী। কুশলে থাকা তুমি।।
ইতি,
অচিনাকী অতীত (ৰুবি)
Doksiri দকচিৰি, ডিচেম্বৰ, ২০২৩
No comments:
Post a Comment