শান্তিৰ সুবাস - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Sunday, December 31, 2023

শান্তিৰ সুবাস




 শান্তিৰ সুবাস


দীপ্তি ঠাকুৰ গোস্বামী 


    বিজ্ঞানৰ তত্ত্বগধুৰ কথাবোৰ আমাৰ দৰে সাধাৰণ মানুহৰ বোধগম্য নহয়। এই মায়াময় পৃথিৱীৰ জন্ম ৰহস্য আমি বুজি নাপাওঁ। ঠিক সেইদৰে মৃত্যুৰ ৰহস্যও যে আমাৰ জ্ঞানৰ বাহিৰত। হয়তো ভাগৰুৱা আত্মাই শান্তি বিচাৰি শেষ আশ্রয় লয় ধৰিত্ৰীৰ কোমল কোলাত। চিন্তাৰ তৰঙ্গমালাৰ মাজেৰে খোজ ল'লোঁ জেঠাইৰ কাষলৈ। জেঠাইৰ বিচনাৰ কাষত থকা চকীখনত বহি ভাব সাগৰত তন্ময় হ'লোঁ। জীৱনৰ ৰহস্য উদ্‌ঘাটন কৰাৰ পম খেদি মন সাগৰত ডুবি থকা অৱস্থাত তন্ময়াই বাইদেউ বুলি মাতষাৰ দিয়াত বাস্তৱ জগতলৈ ঘূৰি আহিলোঁ। বিচনাখনত জেঠাই কাঠৰ টুকুৰাৰ দৰে লৰচৰ নকৰাকৈ পৰি আছে। অতীতৰ স্মৃতিয়ে ৰিঙিয়াই গ'ল। আমি আহিলে ৰাংঢালী জেঠাইয়ে আনন্দত পখিলাজনী উৰাৰ দৰে উৰে। আজি তেওঁৰ জীৱন নাট সামৰি বিদায়ৰ এই কৰুণ মুহূর্তত তেওঁ বাৰে বাৰে এটাই প্রশ্ন কৰিলে, "তুমি কোন?” সঁচাকৈয়ে মানুহৰ জীৱনটো যে খন্তেকীয়া সেয়েহে জীৱনটো সুকর্ম কৰি সজাই ল'ব নোৱাৰিলে বিদায়ৰ বেলা চকুলো টুকি একো লাভ নাই।


তেওঁ জীবন নদীৰ সোঁতে সোঁতে বৈ থকা কঠিন বাস্তৱৰ শিলৰ টুকুৰাবোৰক সুন্দৰৰ ৰূপ দিছিল। জীৱনৰ অন্তিম সময়ত মৰহা ফুলৰ পাপৰিয়ে তেওঁৰ বাগিচাখনৰ প্রস্ফুটিত হৈ সুগন্ধি ফুলবোৰৰ সৌন্দৰ্য বিনস্ত কৰি শেষ হাঁহি মাৰি বিদায় সোৱাৰ সময়ত বেদনাৰ বন্যা।


মনত পৰিছে জেঠাইয়ে গোটেই জীৱনটো দুই কন্যা আৰু স্বামীৰ বাবে জীৱনৰ বহুমূলীয়া সময় খৰছ কৰিলেও সমাজৰ বাবে কম কর্তব্য কৰা নাছিল। দুই কন্যাক তেওঁৰ আদৰ্শৰে আদৰ্শিত কৰাৰ লগতে ওচৰ চুবুৰীয়াৰ বিপদৰ সময়ত কিমান যে সহায় কৰিলে। আজি তেওঁ মৃত্যুৰ দুৱাৰদলিত। আমি মৃত্যুৰ এই চিৰ সত্যক মানি ল'বই লাগিব। তেওঁ সমাজৰ বাবে যি শান্তিৰ সুবাস ছটিয়াই গ'ল তাৰ সুবাসিত সুবাস এজাক মলয়া হৈ মোৰ দেহ-মনত বিয়পাই দিছে আৰু সেই মধুৰ স্মৃতিয়ে মোক আন্মনা কৰিছে।


প্রকাণ্ড ঘৰটোত তেওঁ অকলশৰীয়া হ'লেও মানর দৰদী ৰূপৰেখাৰ নিভাঁজ ভালপোৱাই তেওঁৰ জীৱনৰ শেষ সময়খিনিত কিছু শান্তিৰে অতিবাহিত কৰণত তেওঁৰ মন সুখেৰে আৱৰি ধৰিছে। দুই কন্যাই নিজৰ কৰ্তব্য সামৰি যিমান পাৰে তেওঁৰ সংগ দিয়াৰ চেষ্টা অব্যাহত ৰাখে। তেওঁলোকৰ নিজৰ সংসাৰৰ দায়িত্ব বহন কৰাৰ উপৰিও কৰ্মস্থলীৰ গধুৰ বোজা কঢ়িয়াব লগা হোৱাত সময়ত যথেষ্ট অভাৱ পৰিলক্ষিত হোৱা দেখা যায়। আজিৰ সমাজত পুত্ৰ আৰু কন্যাৰ মাজত যে একো পার্থক্য নাই। বর্তমান সময়ত মহিলাই পুৰুষৰ সৈতে সমানে কাম কৰি আগবাঢ়ি গৈছে। অফিচ, বিদ্যালয়, কলেজ, কাৰখানা, গাড়ী চলোৱা, ট্রেইন চলোৱা আৰু লগতে বহু যাত্রী বিমানেৰে কঢ়িয়াই লৈ যায় নিৰাপদে গন্তব্য স্থানলৈ। চন্দ্রপৃষ্ঠলৈ যোৱা ৰকেটখনত সুকলমে যাত্রা অব্যাহত ৰখাত সহায়ৰ হাত আগবঢ়োৱা আৰু মহাকাশত বিচৰণ কৰা যানবিলাকৰ উৰণত কিমান যে গুৰুত্বপূৰ্ণ কাম কৰে, গৱেষণাৰ কামত ব্রতী থকা মহিলাসকল সঁচাকৈয়ে আমাৰ নমস্য ব্যক্তি। সেয়েহে তেতিয়াৰ কন্যা আৰু পুত্ৰ সন্তানৰ মাজত প্রভেদ দেখিলে দুচকুত দুধাৰি চকুলো বৈ আহে। ৰূপৰেখাৰ কথাকেই চিন্তা কৰি মোৰ মনটো ক'ৰপৰা যে ক'লৈ গুছি গ'ল।


কিছুমান সন্তান জন্ম হৈছে মানৱক সহায় কৰিবলৈকে। তেওঁলোকে দায়িত্ব কৰ্তব্য কৰাৰ লগতে তেওঁলোকৰ মধুৰ ব্যৱহাৰে এখন সুস্থ সমাজ গঢ়াত সমাজলৈ যথেষ্ট সহায়ৰ হাত আগবঢ়ায়। সেয়ে হয়তো আজি এই ধৰণীখন সুন্দৰ হৈ আছে সেউজীয়া হৈ আছে।


মই প্রায় দিনটোৱেই জেঠাইৰ ওচৰত বহি আছিলোঁ আৰু ৰূপৰেখাই জেঠাইৰ প্ৰতি কৰা দায়িত্ব দেখি মোৰ মনটো আনন্দৰ ফল্গুধাৰা বৈ গৈছিল। সেয়া আজি ভাষাহীন। আজিৰ এই ব্যস্ত পৃথিৱীত য'ত কিমান সন্তানৰ পিতৃ-মাতৃক শুশ্রূষা কৰাৰ চিত্ৰই আৰু মন স্পর্শ নকৰে। তেওঁলোকৰ মাত এষাৰ দিবলৈকো সময়ৰ অভাৱ, এনে সময়ত এনে বহু সন্তান আছে যিসকলে নিজৰ পিতৃ-মাতৃৰ উপৰিও তেজৰ সম্বন্ধ নথকা বয়োজ্যেষ্ঠসকলক সেৱা- শুশ্রূষা কৰিবলৈ আগবাঢ়ি অহা দেখা যায়। আজি ৰূপৰেখাৰ ক্ষেত্ৰত দেখা গৈছে নিজৰ সকলো সুখ-শান্তি বিসর্জন দি মৃত্যুৰ দুৱাৰদলিত, স্বৰ্গগামী হোৱাৰ ক্ষণত যি সেৱা-শুশ্রূষা আগবঢ়াইছে আজি যেন কৃতজ্ঞতা ভাষাৰে নহয়, অন্তৰৰ নিভৃত কোণত থকা কিছু মধুৰ অনুভৱ।


আমাৰ সমাজৰ বৃদ্ধাশ্রমবিলাকত আৰু চিকিৎসালয়ত যিসকল লোকে নিঃস্বার্থভাৱে সেৱা আগবঢ়াই আহিছে মানৱ দৰদী এই লোকসকলক ভগৱানৰ এটা অংশই বুলি আমি ভাবিব পাৰোঁ। আমি আমাৰ সু- সন্তানসকলৰ কথা মনলৈ আহিলে মনটো আনন্দৰে ভৰি পৰে। জীয়াই থকাৰ প্ৰেৰণাই আমাৰ মন উজ্জ্বীবিত কৰি তোলে। সেউজীয়া পৃথিৱীখন সজীৱ হৈ থকাৰ আশাত আমি আহ্লাদিত হওঁ। তেওঁলোক আমাৰ আশাৰ নদীত প্রোজ্জ্বল ৰূপেৰে উজ্বলিত হৈ থাকক আৰু শান্তিৰ আলোকেৰে আলোকিত হওক এই ধৰাখন। 


Doksiri দকচিৰি, জানুৱাৰী, ২০২৪


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages