মিচিং ভাষা শিক্ষাৰ মাধ্যম হ'বঃ এয়া নতুন বছৰৰ শুভ খবৰ
খগেন পেগু
যোৱা 7 ডিচেম্বৰত খানাপাৰা স্থিত Administrative Staff College প্ৰাঙ্গণত অসম চৰকাৰৰ শিক্ষা বিভাগৰ আমন্ত্ৰণক্ৰমে এখন সভা অনুষ্ঠিত হয়৷ অসমৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ সভাপতিত্বত SCERT(State Council of Educational and Research Training) আৰু জনগোষ্ঠীয় সাহিত্য সভাবোৰৰ সদস্যসকলৰ মাজত উক্ত সভাখন অনুষ্ঠিত হয়৷ সভাখনত মিচিং, ৰাভা, তিৱা, দেউৰী, গাৰো, কাৰ্বি, ডিমাচা, মাৰ আদি ভাষাক 2020 চনৰ ৰাষ্ট্ৰীয় শিক্ষানীতিৰ আধাৰত শিক্ষাৰ মাধ্যম কৰাৰ ওপৰত আলোচনা কৰা হয়৷ সেইমতে মিচিং, ৰাভা, দেউৰী আৰু তিৱা মাতৃভাষাক আগন্তুক শিক্ষাবৰ্ষ(2024)ৰ পৰা প্ৰাথমিক পৰ্যায়ত শিক্ষাৰ মাধ্যম কৰাৰ সিদ্ধান্ত লোৱাৰ কথা সামাজিক মাধ্যমত প্ৰচাৰ হৈছে৷
সিফালে, মিচিং ভাষাক প্ৰাথমিক পৰ্যায়ত শিক্ষাৰ মাধ্যম হিচাপে প্ৰৱৰ্তন কৰাৰ সিদ্ধান্তত টি এম পি কেয়ে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছেঃ
"যোৱা ইং ৭ ডিচেম্বৰ ২০২৩ তাৰিখে দিশপুৰৰ জনতা ভৱনত টাকাম মিচিং পৰিণ কেবাং, টাকাম মিচিং মিমে কেবাং, মিচিং মিমাগ কেবাং, মিচিং আগম কেবাং আৰু অসম চৰকাৰৰ মাজত অনুষ্ঠিত হোৱা দ্বিপাক্ষিক বৈঠকত মাননীয় মুখ্যমন্ত্ৰী ড৹ হিমন্তবিশ্ব শৰ্মা ডাঙৰীয়াই মাননীয় শিক্ষামন্ত্ৰী ডা৹ ৰণোজ পেগু, অন্যতম কেবিনেট মন্ত্ৰীদ্বয় ৰঞ্জিত দাস আৰু জয়ন্তমল্ল বৰুৱাদেৱৰ উপস্থিতিত অহা শিক্ষাবৰ্ষৰ (২০২৪) পৰা মিচিং ভাষাক প্ৰাথমিক পৰ্যায়ত মিচিং অধ্যুষিত অঞ্চলসমূহত শিক্ষাৰ মাধ্যম হিচাপে প্ৰৱৰ্তন কৰি শিক্ষাদান আৰম্ভ কৰাৰ অসম চৰকাৰৰ ঐতিহাসিক সিদ্ধান্ত সন্দৰ্ভত অৱগত কৰে।
মিচিং জাতীয় সংগঠনসমূহৰ দীৰ্ঘদিনীয়া দাবীৰ প্ৰতি সঁহাৰি জনাই গ্ৰহণ কৰা এনে ঐতিহাসিক সিদ্ধান্তক টাকাম মিচিং পৰিণ কেবাঙৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।
মিগাং তিলক দলে।
সভাপতি,TMPK"৷
অৱশ্যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্বশৰ্মাৰ টুইটত এনেকৈহে প্ৰকাশ কৰিছেঃ
"মিচিং জনগোষ্ঠীৰ অগ্ৰণী সংগঠন টাকাম মিচিং পৰিণ কেবাং, মিচিং মিমাগ কেবাং আৰু টাকাম মিচিং মিমে কেবাঙৰ নেতৃবৰ্গৰ সৈতে আজি এখন বৈঠকত মিলিত হওঁ৷ মিচিং জনগোষ্ঠীৰ উন্নয়নৰ স্বাৰ্থত বিভিন্ন পদক্ষেপ গ্ৰহণৰ বাবে তেখেতসকলে ৰাজ্য চৰকাৰক আহ্বান জনোৱা বিষয়সমূহ সঁহাৰিপূৰ্ণভাৱে বিচাৰ-বিবেচনা কৰাৰ কথা দোহাৰোঁ।
সাংবিধানিক মৰ্যাদা লাভ কৰি মিচিং স্বায়ত্তশাসিত পৰিষদে যাতে কেন্দ্ৰৰ পৰা পুঁজি লাভ কৰিব পাৰে তাৰ বাবে ৰাজ্য চৰকাৰে কেন্দ্ৰলৈ পত্ৰ প্ৰেৰণ কৰিব৷ আগন্তুক শিক্ষাবৰ্ষৰ পৰা নিৰ্বাচিত প্ৰাথমিক বিদ্যালয়ত মিচিং ভাষাত পাঠদান আৰম্ভ কৰাৰ পদক্ষেপ গ্ৰহণ, জোনাইত এখন বিশ্ববিদ্যালয় স্থাপন, মিচিং জনগোষ্ঠীৰ সামাজিক-সাংস্কৃতিক আদি বিভিন্ন দিশ সামৰি গোগামুখত প্ৰকল্প স্থাপন আৰু কাৰেং চাপৰিত এখন ষ্টেডিয়াম নিৰ্মাণৰ বিষয়ে আমি আলোচনা কৰোঁ।"
পিছে ইয়াত মিচিং ভাষাক Medium of instruction বা শিক্ষাৰ মাধ্যম কৰাৰ কথা প্ৰকাশ পোৱা নাই; অথবা তেনেকৈ এতিয়ালৈকে কেবিনেট সিদ্ধান্তও হোৱা নাই৷
সি যি কি নহওক, আমি আশাবাদী৷ কেন্দ্ৰীয় চৰকাৰে ৰাষ্ট্ৰীয় শিক্ষানীতি, 2020 ঘোষণা কৰি সেই কথা কোৱা হৈছিল যে, এতিয়াৰ পৰা দেশৰ সৰু-সুৰা সকলো মাতৃভাষাই শিক্ষাৰ মাধ্যম হিচাপে স্বীকৃতি লাভ কৰিব৷ সেইমতে তাত কোৱা হৈছিল, "শিক্ষাই মানুহক উন্নতিৰ দিশলৈ আগুৱাই নিয়ে। গতিকে এটি শিশুৰ বাবে শিক্ষাৰ দিশটো সদায় নিখুঁত হ'ব লাগে।
আধাৰ, অৰ্থাৎ জীৱনৰ বুনিয়াদ প্ৰদান কৰা, অৰ্থনৈতিক বিকাশ, সামাজিক সমতা, বৈজ্ঞানিক অগ্ৰসৰতা, ৰাষ্ট্ৰীয় সংহতি আৰু সাংস্কৃতিক সংৰক্ষণৰ কাৰ্য্যব্যৱস্থা আদিৰ উদ্দেশ্য আগত ৰাখি ভাৰত চৰকাৰে ২০৩০ চনৰ ভিতৰত সকলো আৰ্থ-সামাজিকভাৱ পিছপৰা লোকৰ বিকাশৰ লক্ষ্যৰে ২০২০ চনৰ ২৯ জুলাই তাৰিখে নতুন শিক্ষা নীতি গ্ৰহণ কৰিছে। এই নীতিত বিভিন্ন স্তৰৰ শিক্ষাৰ্থীৰ বিকাশৰ প্ৰতি দৃষ্টি আৰু বয়সৰ সৈতে সংগতি ৰাখি পাঠ্যক্ৰম আৰু শিক্ষা পদ্ধতিৰ গঠনৰ পৰিসীমা ৩-৮, ৮-১১, ১১-১৪ আৰু ১৪-১৮ কৰা হৈছে। তদ্ৰুপ বিদ্যালয় শিক্ষাৰ পাঠ্যক্ৰম আৰু শিক্ষা পদ্ধতি ৫+৩+৩+৪ কৰা হৈছে।
বিভিন্ন পৰ্যায়ৰ আৰ্থ-সামাজিক অৱস্থাৰ পৰা অহা শিক্ষাৰ্থীক উচ্চ মানদণ্ড সম্পন্ন শিক্ষা প্ৰদানৰ জৰিয়তে ২০৪০ চনৰ ভিতৰত ভাৰতীয় শিক্ষা ব্যৱস্থাক আটাইতকৈ উন্নত ৰূপত গঢ়ি তুলিবলৈ চৰকাৰে এই ব্যৱস্থা গ্ৰহণ কৰিছে। বিজ্ঞানীসকলৰ মতে, সামগ্ৰিকভাৱে শিশুৰ ৮৫% মগজুৰ বিকাশ ছয় বছৰ বয়সৰ পূৰ্বেই সাধন হয়। সেয়ে এই নীতিৰ দ্বাৰা কমেও পঞ্চম মান শ্ৰেণীলৈ মাতৃভাষা শিক্ষাৰ মাধ্যম হ'ব লাগে বুলি কোৱা হৈছে।
মাতৃভাষা শিক্ষাৰ মাধ্যম হোৱাৰ ক্ষেত্ৰত বিশ্বৰ প্ৰতিজন ভাষা বৈজ্ঞানিকে একমত পোষণ কৰি আহিছে। UNESCOই বিশ্বৰ শিশুসকলৰ সৰ্বাংগীন উন্নতিৰ বাবে এক দীঘলীয়া অনুসন্ধান চলাইছিল। এই অনুসন্ধান অনুসৰি, উচিত শিক্ষাই শিশুক সকলো দিশৰ পৰা সক্ষম কৰি তুলিব আৰু মাতৃভাষাৰে অধ্যয়ন কৰিলে ই অধিক ফলপ্ৰসূ হ'ব। সেয়ে বিশ্বৰ সমগ্ৰ জাতি-জনগোষ্ঠীৰ শিশুৱে যাতে সকলো ক্ষেত্ৰতে সমানে আগবাঢ়ি যাব পাৰে সেই উদ্দেশ্য আগত ৰাখি ১৯৫৩ চনত ইউনেস্কই পৃথিৱীৰ প্ৰতিটো দেশলৈ মাতৃভাষাবোৰ শিক্ষাৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ দিছিল।
এতিয়াৰ বিশ্বায়নৰ সময়ত সৰ্বতোপ্ৰকাৰৰ বিকাশ আৰু সৃষ্টিশীলতাৰ মনোভাৱেৰে ক্ষীপ্ৰগতিত সলনি হোৱা বিশ্ব পাৰিপাৰ্শ্বিকতাৰ জটিল ক্ষেত্ৰখনত নিজকে খাপ খুৱাই লোৱাটো অত্যন্ত জৰুৰী। সেই উপলক্ষে চৰকাৰে নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিৰে বহুতো বিকাশশীল ক্ষেত্ৰ স্পৰ্শ কৰাৰ লক্ষ্য বান্ধি লৈছে৷ চৰকাৰে নতুন শিক্ষা নীতিত মাতৃভাষাৰে শিক্ষাদান দিয়াৰ ওপৰত গুৰুত্ব আৰোপ কৰি লিখিছে যে, ছাত্ৰ-ছাত্ৰীৰ ওপৰত বলপূৰ্বকভাৱে কোনো এটা ভাষা জাপি দিয়া নহ'ব।
সেই কথা সকলোৱে জানে যে, লৰা-ছোৱালিয়ে নিজৰ ঘৰুৱা বা মাতৃভাষাতহে অগতানুগতিক ধাৰণাবোৰ আয়ত্ব কৰিব পাৰে। সেয়ে চৰকাৰে মাতৃভাষা বা স্থানীয় ভাষাৰে শিক্ষা প্ৰদান কৰাত অগ্ৰাধিকাৰ প্ৰদান কৰিছে।"
সেইমতে কাৰ্বি, গাৰো, ডিমাছা, মাৰ আদিৰ লগতে মিচিং, তিৱা, ৰাভা আৰু দেউৰী ভাষাও শিক্ষাৰ মাধ্যমৰ স্বীকৃতি লাভ কৰিব লাগিছিল; আৰু যিটো আজি পলমকৈ হ'লেও হ'বলৈ গৈ আছে৷ এয়া নিঃসন্দেহে এটা ভাল খবৰ৷
আমি ভাবিছোঁ, মিচিং আগম কৌবাঙৰ সৌজন্যত প্ৰায় এবছৰ আগতে চলি যোৱা মিচিং ভাষাৰ ছমহীয়া চাৰ্টিফিকেট ট্ৰেইনিং ক'ৰ্ছৰ উপৰিউক্ত কথাবিলাকৰ লগত কিবা সম্পৰ্ক হ'বগৈ লাগে৷
আশা আৰু সম্ভাৱনাৰ ধামখুমীয়াত শিক্ষিত মিচিং নৱপ্ৰজন্মই হিলদল ভাঙি ওলাই আহিছিল৷ একপ্ৰকাৰ প্ৰশিক্ষাৰ্থীৰে ভৰি পৰিছিল বিভিন্ন কেন্দ্ৰ৷ মিচিং ভাষাৰ কথন আৰু লিখনত জ্ঞানলব্ধ হ'বৰ বাবে পুৰুষ-মহিলা উভয়ে কেন্দ্ৰবোৰত ভিৰ কৰিছিল৷ আমি আশা কৰিছোঁ, আশাহত নহৈ তেওঁলোকৰ স্বপ্নবোৰ পূৰণ হওক৷
অৱশ্যে তেওঁলোকৰ স্বপ্ন বুলি ক'লে তাত বহুত কথা আহি যায়৷ প্ৰথম কথা হ'ল, মিচিং ভাষাৰ বিষয়ে ভালকৈ জনা৷ তাৰ ভিতৰত আছে, ভালকৈ লিখিবলৈ আৰু পঢ়িবলৈ শিকা৷ তাৰ পিছত মিচিং ভাষাৰে সংস্থাপিত হোৱা৷ এইখিনিতে আহে মিচিং ভাষাৰে নিমখ-জলকীয়া কিনি খাবলৈ সাম্যৰ্থ লাভ কৰাৰ কথা৷ অৰ্থাৎ হাজাৰ হাজাৰ প্ৰশিক্ষাৰ্থীৰ স্বপ্ন পূৰণৰ প্ৰসঙ্গ৷
পিছে প্ৰশিক্ষাৰ্থীসকলৰ স্বপ্ন পূৰণ কেতিয়া হ'ব? হয়তো তেতিয়াহে হ'ব, যেতিয়া মিচিং ভাষাটো এটা শিক্ষাৰ মাধ্যম হ'ব৷ গতিকে সেই সকলোখিনি চৰকাৰৰ সদিচ্ছাৰ ওপৰতহে নিৰ্ভৰ কৰিব৷ এতিয়া ওপৰত উল্লেখ কৰাধৰণে চৰকাৰে যিহেতু আমাৰ প্ৰতিনিধিবৰ্গৰ লগত আলোচনা কৰি অন্য জনগোষ্ঠীয় ভাষাৰ লগতে মিচিং ভাষাকো শিক্ষাৰ মাধ্যম কৰাৰ কথা দিছে, সেয়া আমাৰ বাবে নিঃসন্দেহে এটা শুভ খবৰ।
Doksiri দকচিৰি, জানুৱাৰী, ২০২৪
No comments:
Post a Comment