চাইকেল
কমলেশ্বৰ কলিতা
দুটা চকাৰ ওপৰত জকাটো- !
আকাশ এখন লেপেট খাই থাকে তাতেই।
দুখৰ গীত শুনি শুনি আপোন পাহৰা
মেঘৰ ছাঁ
এই চকাৰ ওপৰৰ জকাটোৰ ওপৰতে
ঘূৰি ফুৰে কেতিয়াবা।
কেতিয়াবা সপোনৰ ভিতৰৰ আইনা এখনত ভেজা দি ৰৈ থাকে;
ভাবে মানুহৰ চকু পানীৰ দাম কিমান,
সহজ হয়নে মিথ্যাৰ মিত্ৰতা কেতিয়াবা - ।
কেতিয়াবা এনে হয়,
মন নথকাকৈয়ে চহৰৰ গলিয়েদি এপাক ঘূৰি আহি গাঁৱৰ পদূলি মুখত জকাৰ তলৰ অংকবোৰ জুকিয়াই চোৱা হয়।
বানত ভগা নৈখন, উৱলি যোৱা ইস্কুল ঘৰখন,
ক্লাব ঘৰটো, নামঘৰৰ চোতালখন
আৰু পথাৰৰ বেঁকা হৈ পৰা কান্ধখন,
উজাগৰে থকা ৰাতিৰ সময়খিনি -
চকাৰ ওপৰত থকা জকাটোতে বহি
তচনচ কৰি পেলোৱা হয়।
চাইকেল -
নামৰ চাইকেলখন এতিয়া বেনামী হ'ল।
চাইকেলত তামোলৰ থোক নি
ছোৱালী খোজা দিন
এঘৰীয়া হ'ল।
ৰঙা পুলিচৰ তিলিঙা নবজা হ'ল।
তথাপি চাইকেল চলে
তেজৰ ভিতৰে বাহিৰে।
এটা সপোনৰ বিবিধ প্ৰাৰ্থনা আছে বাবেই চাইকেল মোহৰ বিদ্যাপীঠ।
গজালি মেলি ওলোৱা শস্যৰ গুণগুণনিৰ দৰেই
চাইকেলৰ আদিপাঠত মমতাৰ আবৃত্তি;
চহৰৰ মুকলি অনুশীলন,
তৃপ্তিৰ সহজ স্নেহ বন্ধন।
চাইকেলত অহা-যোৱা কৰাটো
সহজ হৈ থকা নাই,
সহজ হৈ থকা নাই
নিলামত দিয়া চোলাৰ ভৰ কিনিবলৈ
চাইকেল চলোৱাটো।
মই চিঠিখন ল'লো -
ডাকোৱালজনে ক'লে - এইখনতে আছে সেই সময়বোৰ -
ঈশ্বৰে পঠাইছে, ঈশ্বৰে।
Doksiri দকচিৰি, জানুৱাৰী, ২০২৪


No comments:
Post a Comment