এই বিলখন থকালৈকে
ডেনী গাম
এই বিলখন থকালৈকে
মই নিজে বাট কাটি আহি থাকিম
জন অৰণ্যৰ ওখ ওখ অট্টালিকা !
আৰু শব্দ প্ৰদূষণে আৱৰি থকা এই চহৰ
বহুদিন বহুৰাতি এই বিলৰ পাৰত বহিছো
অনেক কাহিনী আছে অনেক
বেলিৰ উত্তাপত শুকাই গৈছে এই বিল
এই কথা বতাহে ডাৱৰক খবৰ দিছে
অনেক পাহাৰ পাৰ হৈ ডাৱৰে বৃষ্টি পেলাইছে
জলমগ্ন হৈ থাকক এই বিল !
ৰাতি ৰাতি জোনে আহি গা ধুৱে
উচুপি উঠে জোনাকী পৰুৱাই !
বাঁহীৰ মাতত সকলো ম্ৰিয়মাণ পৰ্যটক
এই বিলখন থকালৈকে সকলো থাকিব
নাৱৰ ৰং, নাৱৰীয়াৰ হাঁহি
পাৰে পাৰে ডাউকৰ প্ৰাত: আৰু সান্ধ্য ভ্ৰমণ
পাৰে পাৰে শালগছবোৰত ভাটৌ
চৰাইৰ সংলাপবোৰ
এই বিলখন থকালৈকে
মানুহবোৰ ভাল আছিল।
Doksiri দকচিৰি, জানুৱাৰী, ২০২৪


No comments:
Post a Comment