উঁইচিৰিঙাৰ শ্ৰুতলিপি - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Monday, January 1, 2024

উঁইচিৰিঙাৰ শ্ৰুতলিপি

 


উঁইচিৰিঙাৰ শ্ৰুতলিপি


                                             জোনমণি দাস

নিজৰাপাৰ, চানমাৰি,গুৱাহাটী


১.

সন্ধ্যাৰ আকাশৰ পৰা সৰি পৰিল

জাক হেৰুৱা চৰাইটোৰ মাত,

উৰুঙা বতাহত ওৰে ৰাতি কঁপি কঁপি জ্বলি থাকিল

তুলসী তলৰ চকুটো।


২.

নিয়ৰে নিজান কৰা এই ৰাতি

মোৰ বুকুতে আছেহি বহি

এটি বুলবুলি,


ফুলবোৰে ফুচফুচাই আছে।


৩.

নিয়ৰে বজোৱা নূপুৰ

নৈয়েও নোৱাৰে বজাব,

জাৰত ঠেৰেঙা লাগি

জলকা লাগে জোন।


৪.

পানীৰ ওপৰেদি উৰি যোৱা

চৰাইৰ মাতটো যেন

বননিত সৰি পৰা নিয়ৰৰ এধাৰি মণি,


শিলবোৰত শীতৰ শুকুলা কামিজ।


৫.

হৰিণাটোৰ চিঞৰটো

মাৰ যোৱাৰ পাছত

হাবিখনো নিজানত বুৰ গ'ল।

তুমিও একো নুশুনিলা

আৰু ময়ো।

তেনেতে এজাক বৰষুণে

নিথৰ নিৰৱতাক ধুই থৈ গ'ল।


Doksiri দকচিৰি, জানুৱাৰী, ২০২৪


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages