নৈখন শুকাই গ’লে
দেৱৰাজ মিলি
নৈখন শুকাই গ’ল
নৈখন শুকাই গ’ল
আচলতে শুকাই গ’ল নে প্ৰভুসকলে শুকুৱালে
দুপাৰৰ হেবাং মানুহখিনিয়ে টলকিবই নোৱাৰিলে
প্ৰভুসকল
নৈখনক লৈ তোমালোকৰ ইমান টনাটনি
নৈখনক লৈ অতবোৰ দৰদাম
নৈখনৰ হাত, ভৰি, নখ, চুলি, নাড়ী-ভুৰু
নৈখনৰ প্ৰতিটো অংগ-প্ৰত্যংগৰ ওপৰত তোমালোকৰ সন্দিগ্ধ চাল-চলন
আনক দেখুৱাই তোমালোকে নদীক মা বুলি কৰা বন্দনা
অথচ নৈখনক তিল্তিল্কই অন্ধকাৰ গহ্বৰলৈ ঠেলি অন্তেষপুৰত উদ্যাপন কৰা পোহৰৰ অবৈধ উৎসৱ
নৈখনৰ জীয়া ছাল বখলিয়াই বখলিয়াই তোমালোকে কোবাইছা আজি যি জয়ঢোল
সেইটো যেতিয়া ফাটি পৰিব তেতিয়া তোমালোকৰ কি থাকিব কি থাকিব!
তোমালোকে বুজিবলৈ চেষ্টা নকৰিলা
ক’ত উমলিব ৰং-বিৰঙী মাছবোৰে নৈখন শুকাই গ’লে
ক’ত আঁকিব ইন্দ্ৰধনু নেগুৰীয়া শামুকবোৰে নৈখন শুকাই গ’লে
নৈখন শুকাই গ’লে চৰাইবোৰে ক’ত টুকিব চকুলো
নৈখন শুকাই গ’লে কোনে শুনিব শিলৰ সাধু!
নৈ পাৰৰ এইখিনিতে বহি থকা ভূঁইৰখীয়া জংকি-পানৈ
নৈখন শুকাই গ’লে তেওঁলোক যাব ক’লৈ
মাছমৰীয়া কাইৰ হাঁহিটো, ৰংমন ভাইৰ বাঁহীটো,
ফুলি থকা সৰিয়হডৰা, পকা ধাননিৰ মাজৰ টঙীঘৰটো, লানি পাতি ঘৰমুৱা সন্ধিয়াৰ নান্দনিক পখীজাক
যাব ক'লৈ!
এই দীঘলকৈ মৰা উকিটো, বালি-চাপৰিৰ কোলাহলটো, ম'হজাকৰ চিনাকি গোন্ধটো
দলমৰা চৰাইজনীৰ কলিজা কুৰুকা বিননিটো, প্ৰেমিক ডেকাৰ সুহুৰিটো
ক'ত বাজি উঠিব
ক'ত!
বাৰিষা নৈখনে নাচি-বাগি পখালিছিল দুপাৰৰ ধূলিয়ৰি বাট
নৈপৰীয়া গাভৰুজাকৰ সৈতে খৰালিত বাটিছিল দুপৰৰ ৰ’দ
অতদিনে নৈখনত ঢৌখেলি নাচি-বাগি জিৰাইছিল পাহাৰীয়া চঞ্চলা বতাহজাক
ৰ'দে ডাৱৰৰ আঁৰে আঁৰে লুকাভাকু খেলিছিল, বৰষাৰ প্ৰথম বৰষুণজাকে প্ৰণয়ৰ চুমা যাচিছিল
শাৰদী ৰাণীয়ে ছটিয়াইছিল শুকুলা আবিৰ
আৰু এনেকৈয়ে বিহুৰ গুম্গুমনি, অইনিঃতমৰ আপং পকা সুৰৰ ৰাগিত ৰাতি ৰাতি মাটিৰ বিচনাত ঢলি পৰিছিল নৈখন
সেই নৈখন শুকাই গ’ল
আচলতে শুকাই গ’ল নে শুকুৱালে
দুপাৰৰ হেবাং মানুহখিনিয়ে ততেই নাপালে!
Doksiri দকচিৰি, ডিচেম্বৰ, ২০২৩
No comments:
Post a Comment