বেংছটা - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Monday, January 1, 2024

বেংছটা

 


বেংছটা


                গায়ত্ৰী দেৱী বৰঠাকুৰ

                                 তেজপুৰ


ভেকুলীৰ বিয়া পতা পৰজীৱীসকলে 

ভাল নাপায় বেংছতা


বেইঘৰত দৰা- কইনাৰ থুনুক- থানাক মাত


 সপোনৰ কোলাত 

এবেগেতীয়া বেংছটাৰ 

নিপোটল ছবি


এহাশুদীয়া আমাৰ 

আৱেশৰ ডিঙি বিষায় 


ডাকপিয়ন মেঘৰ 

টু বি প'ষ্টেট চিঠিখন

আজিও আনটাইপড'



 পুনশ্চ


বেঙবোৰে

সপৰিয়ালে

পালন কৰে ডাডাবাদ


পথাৰত 

কালসৰ্পৰ নিটোল- নিভাঁজ নৃত্য...


Doksiri দকচিৰি, জানুৱাৰী, ২০২৪


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages