ভাৰসমতাৰ দুটা পদ্য
পিংকুজিৎ
(এক)
জাৰ
জাৰ অলপ বেছিকৈয়ে পৰিছে
জোতাযোৰত খুঁচি থোৱা মোজাযোৰ
এন্দুৰে টানিছে
তোমাকো যদি
কোনোবাই তেনেকৈ টানিছে
তাত প্ৰেম নাই!
(দুই)
সংসাৰ
ঘিচিৰা মধুৰি-আম এটা ছিঙি
ডালশলীয়া এটা পলাল
তুমি সেইটোকে বুটলি খালা
ইমান মিঠা পালা!
Doksiri দকচিৰি, জানুৱাৰী, ২০২৪


No comments:
Post a Comment