আজি মই - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Monday, January 1, 2024

আজি মই

 


আজি মই 


                    টম মেদক



মোৰ ছাঁটো এই যে ছাঁটো মোকে লগ এৰা দিছে

আহ্, আলেঙে আলেঙে কিনো ভাবত ৰৈছে


এবাৰ ওখ হৈছে এবাৰ বাওনা 


আচৰিত কি ছাঁ জানো জীৱন্ত হ’ব পাৰে  


হয়, মোৰ ছাঁৰ নিজাকৈ চেহেৰা জীৱন পৰিয়াল

বন্ধুবৰ্গ সকলো আছে


নহ’ব

কেৱল তুমি এটি ছাঁ 

মই কওঁ


লগে লগে সন্ধ্যা- ছায়াৰ বেলি


মনত খেলিমেলি লাগিল


সকলোৱে দেখোন নিজৰ ছাঁক গছকি যায়

ছাঁৰ ওপৰতে মূত্ৰ বিসৰ্জন দিয়ে


বেলি বেলি কেতিয়াও পোহৰ নিদিয়া অজস্ৰ বেলি

তোমাৰ জানো আছে ছাঁ


যি  ছাঁ মোৰে বিৰুদ্ধে ইতিমধ্যে

যুদ্ধ ঘোষণা কৰিছে


মই আন্ধাৰেমুন্ধাৰে খাপ পিতি ৰৈ থাকো 

এই বাটেদিয়েই মোৰ ঘৰ আৰু ক’লৈ যাব

যিহেতু মোৰে ছাঁ কিন্তু নাহে


মই মোক খুন নকৰো

মোৰে ছাঁ যিহেতু মোৰ পৰা দূৰত্বত


আজি কি মই মুক্ত


যেনিবা সৰু ল’ৰাটোৱে নিজৰ ছাঁটোকে দেখি ভয়তে কান্দিকাটি কৰি দৌৰি পলোৱা ৷


Doksiri দকচিৰি, জানুৱাৰী, ২০২৪


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages