হালধীয়া নেপথ্য
স্বপ্নালী কলিতা
গাঁৱৰ পৰা অহা দেওবৰীয়া বজাৰখন
পাছলিবোৰ
তাজা তাজা
কোনোবা এজনে ফুচফুচাই ক'লে--
"পাছলিবোৰ হালধীয়া
সিহঁতৰ কথাৰো কিন্তু সঞ্জাত নাইকিয়া"
তেখেত হওঁতে বৰ হাঁহিমুখীয়া
ৰ'দঘাই মানুহ
কথাও ফৰকাল
একেবাৰে
বুকুতে সাজিলে ঘৰটো
আথে বেথে ৰাখোঁ সেয়ে
কোনোবা অশলাগীয়ে
মোৰ কাণখন বিচাৰিলে
আৰু
কেৱল কাণেহে শুনাকৈ
ইমাননিয়াৰিকৈ ক'লে--
"তেওঁ বোলে গোটেই মানুটোৱেই
হালধীয়া"
তিনিআলিত বহি আছে দাইটি
বাতৰিবোৰ গিলি আছে
এফালৰপৰা
মাজে মাজে সলাই আছে
পৰিস্থিতি
গুৱালগালিত কঁপাই তুলিছে
ভবৰ গুম্টি(ঘুমটি)
আশে পাশে উৰি আছে
হালধীয়া মৌনতা
থৰক বৰক খোজেৰে
অহা হাৰুণে চিঞৰিছে
দাইটিৰ কাণত--
"দা ই টি!
কথাবোৰ
বৰকৈ নাভাবিব
ইয়াৰ নেপথ্যও বোলে
সাংঘাতিক হালধীয়া"
দাইটিয়ে চকুযোৰ
মোহাৰি ল'লে
দাইটিৰো এযোৰ
হালধীয়া চকু আছে
নেপথ্য শেঁতা
Doksiri দকচিৰি, জানুৱাৰী, ২০২৪


No comments:
Post a Comment