গছ-আকাশ
আগমনি ফুকন শইকীয়া
ওখ হ'ব বিচাৰিলেই
হ'ব নোৱাৰি ওখ
গছে মনেমনে আওৰালে…
আকাশ ওখ নে বিশাল !
গছে সম্প্ৰতি নাজানে
তথাপি আকাশৰ সমান ওখ হ'বৰ মন…
এদিন জিলীবোৰে আকাশক সুধিলে,
কিছুমান গছ একে ৰাতিতে কেনেকৈ ইমান ওখ হৈ যায় !
আকাশে ক'লে,
ৰাতি চহৰখন শুই থাকে সেয়েহে ওখ হ'বলৈ সহজ
নাঙঠ মন এটা থাকিলে সকলোৱেই ওখ হ'ব পাৰে
কিন্তু সিহঁতে ছাঁ বিলাবলৈ শিকিব নোৱাৰে
'সেয়েহে চাগৈ ৰাতি ওখ হোৱা গছবোৰ বেলিৰ তাপত মৰহি যায়'
জিলীবোৰে ক'লে…
Doksiri দকচিৰি, জানুৱাৰী, ২০২৪


No comments:
Post a Comment