চকুলোৱে খন্দা নৈখন
মেঘালী গগৈ
যোৰহাট
তুমি বাগৰিব নিদিয়া চকুপানীবোৰে
মোৰ বুকুত এখন নৈ খান্দে
তুমি ওঁঠেৰে সৰকিব নিদিয়া কথাবোৰে
মোৰ চৌপাশে কলকলাই থকা
চৰাইৰ চুবুৰী এটা সাজে ।।
অতীতকাতৰতা সামৰিবলৈ
মই নিজকে অহৰহ সোঁৱৰাই থাকোঁ।
অতীতৰ ওভতনি বাটৰ পৰা
ঘূৰি আহিবলৈ সঁকিয়াই থাকোঁ।।
অতীতৰ শিপাত খামুচি
উচুপি থাকে আঁকোৰগোজ হৃদয়
এক প্ৰাচীন বিষাদত দুলি থাকে
মোৰ সময় ।।
বিয়লিৰ হেঙুলীয়াবোৰ
আঁকোৱালি ল'ব খুজিলে
তুমি ভীষণ অভিমানী হৈ উঠা।
কৈ উঠা,
জেতুকাপাতৰ ৰঙাখিনিতহে
আছে হেনো তোমাৰ ভাললগা কবিতা।।
Doksiri দকচিৰি, জানুৱাৰী, ২০২৪


No comments:
Post a Comment