বৰ্বৰ মানৱ
অশোক ৰাম ভট্টাচাৰ্য্য
আমোলা পট্টি, নগাঁও
গৰ্ভিণী হস্তিনী তাই ভোকত কাতৰ
খাদ্যৰ চলেৰে মুখতে বম ব্লাষ্ট কৰি
হেঁপাহ পলালনে নিকৃষ্ট জীৱৰ
যদিওবা ভাৱা নিজক জীৱশ্ৰেষ্ঠ বুলি,
আশ্ৰয় লৈ পানীৰ মাজত
পোৰা জিভা, মুখৰ যন্ত্রনাত চটফটহৈ
পৰি ৰ 'লা কেইবাদিনো আকাশলৈ চাই
কিজানিবা পোৱা পৰিত্ৰাণ ঐশ্বৰিক ভাবে;
সনাতন, দিবাকৰ কিমানৰ অকাৰণ নিধন
নীল,অভিৰ বিচাৰো প্ৰহসন হ 'ল
প্ৰশমিত হ 'লনে পৈশাচিক প্ৰবৃত্তি বৰ্বৰৰ;
শৈশৱতো সন্ত্রাসিত, শিহৰিত হৈছিলোঁ
গাৰ নোম দাল দাল হৈছিল
চম্বলৰ বেহড়ত ডকাইতৰ নৃশংসতা শুনি,
এতিয়া সভ্যতাৰ শিখৰত বহি
বৰ্বৰতাকে কৰিছা জীৱন দৰ্শন;
প্ৰত্যেক ক্ৰিয়াৰে প্ৰতিক্ৰিয়া আছে
সত্য যুগ আহিব নেকি?
প্ৰকৃতি দেৱী তুমিয়েই ৰক্ষা কৰা জীৱক
অনীতি গুচাই দিব্যজ্ঞান কিম্বা সংহাৰেৰে
দেৱাদিদেৱ মহেশ্বৰ নামি আহা মৰতলৈ
জাহিৰ কৰা অস্তিত্ব ৰূদ্ৰ ৰূপ ধৰি,
স্বঘোষিত জীৱশ্ৰেষ্ঠৰ অধঃপতন দেখি
নকঁপে জানো হৃদয়ৰ কোহ,
শুনিব বিচাৰো আজি দৈৱবাণী
"সেইদিন সমাগত, সেইদিন সমাগত
সৃষ্টি যেতিয়া হয় আতঙ্কৰ হেতু
বিনাশ অৱশ্যভাম্বী, ৰুপান্তৰহে কাম্য সময়ৰ ।
Doksiri দকচিৰি, ফেব্ৰুৱাৰী, ২০২৪


No comments:
Post a Comment