নৱ সুৰুয
ইন্দিৰা গোস্বামী ভট্টাচাৰ্য্য
আমোলাপট্টি, নগাঁও
নৱবৰ্ষৰ প্ৰভাতী সুৰুয
উদিত হৈছে ধীৰে ধীৰে
বিগত বছৰৰ কান্দোন আতৰাই
আহিছে শুভ আগমণৰ ক্ষণ
বাজি উঠিছে শংখধ্বণি
মলয়া বতাহজাকে বিলায় নতুন কিৰণ।
ধ্বংস নহ'লে সৃষ্টিৰ মাদকতা ক'ত
এন্ধাৰৰ পিছতে পোহৰৰ মেলা
সেই পৱিত্ৰ পোহৰে ধুৱাই
নিয়ক ধৰাৰ মলিনতা ।
নৱ সুৰুযে নৱ প্ৰত্যাশাৰে
নতুনক লও আদৰি
ফুলে ফলে ধৰণী হওঁক জাতিষ্কাৰ
পোহৰে আনন্দৰ বন্যা প্লাবিত কৰি
ধৰালৈ আনক শান্তিৰ বাণী।
Doksiri দকচিৰি, ফেব্ৰুৱাৰী, ২০২৪


No comments:
Post a Comment