আপোনালৈ
ববিতা দাস
তামুলপুৰ
(১)
বাটত কাইটিয়া গছ বোৰ বাঢ়িল
বাঢ়ি আহিল দূৰত্বৰ পাহাৰ বোৰ
বিষাদ সাগৰৰ
এটা পাৰে মই
আনটো পাৰত আপুনি
ঢুকি নপোৱা কেতিয়াও
কহানিও দুটি পাৰ
এটি আধৰুৱা কাহিনী
আপুনি আৰু মই।।
(২)
আখৰেৰে মনৰ কথা
কোৱা মানুহ জনে
উকা কাগজত
নিলিখা হ'ল মনৰ বতৰা
ক'ত হেৰাই থাকিল বাৰু
তেওঁৰ হৃদয়ত সৰি পৰা
শব্দৰ বৰষুণ জাক।।
(৩)
মৌনতাত শূণ্যতাত
আৰু অনাদৰতাত
সপোনৰ মৃত্যু হলেও
মৃত্যু নহয় কাহিনীও প্ৰেমৰ।।
Doksiri দকচিৰি, ফেব্ৰুৱাৰী, ২০২৪


No comments:
Post a Comment