দেউতা
পূৰৱী ফুকন
শিৱসাগৰ
দুচকুয়ে পৃথিৱীৰ প্ৰথম পোহৰৰ পৰিচয় পাওঁতে তুমি কʼত আছিলা
তুমি মোক লৈ উগুল থুগোল আছিলা নে
তোমাৰ বুকুত উশাহ ঘন হৈছিল নে
তুমি গোলাপৰ পাপৰি যেন আঙুলিবোৰ চুইছিলা নে
গাত গামোচা এখন মেৰিয়াই বাজলৈ ওলাওঁতে তুমি বহু দূৰৈত ৰৈ গʼলা কিয়
দেউতা তুমি মোৰ পৰা কিয় দূৰৈত ৰৈ গʼলা
মই যে তোমাক এবাৰো চুই পোৱা নাই
মই যে তোমাৰ অকণি গোন্ধ পোৱা নাই
মই কান্দিলে মায়ে কয় তোমাৰ দেউতালৈ মনত পৰিছে ন
বায়ে কয় দেউতা ডিউটিত আছে অ
তুমি দেখিবলৈ কেনেকুৱা দেউতা
তুমি ৰণুৱা ঘোঁৰা এটা হৈ উৰি আহাঁ
তুমি এছাতি বতাহ হৈ মোক বা দিয়া
তোমাৰ আঙুলিৰে জিয়া যেন মোক চুই চোৱা
আজি যোৱা ৰাতি এটা সপোন দেখিলোঁ
সপোনত পখীৰাজ ঘোঁৰা এটা দৌৰি আহিছিল
মই তাৰ পিঠিত উঠি তোমাক বিচাৰিব ধৰিলোঁ
তুমি কোন পাহাৰৰ নামনিত হেৰাই গʼলা দেউতা
মোৰ কোঠাৰ বেৰত তুমি বাৰ সৈতে উলমি আছা
এটি মিঠা হাঁহিৰে বা ক কি মিঠাই খুৱাইছিলা
বাৰ আঙুলিত ধৰি কলৈ গৈছিলা
মোক চিকুটিলে তুমি দুখ পোৱা নে
তোমাৰ মঙহত মই বৈ আছোঁ নে
সুধিলে মায়ে কয় তোমাৰ দেউতাই তোমালৈ বহুত মৰম আনিব আৰু বায়ে কয় আমি দেউতাৰ পিঠিত বহি হাতী হাতী খেলিম
আহিবানে দেউতা
কেতিয়াবা ঠেহ পাতি টোপনি নাহিলে মায়ে মোক দেশ বিদেশৰ অনেক সাধু শুনাই
সাধুবোৰত তুমি ৰজা হʼলে মই ৰাজকোঁৱৰ আৰু কেতিয়াবা আমাৰে মইনা শুৱ এ গাই আৰু বায়ে জোনবাই এ বেজী এটি দে
তুমি কি গীত গাবা দেউতা
এদিন ৰাতি সাৰ পাই দেখিছিলোঁ মাৰ দুচকুত
সাগৰ এখন উলমি আছিল
আৰু এদিন বৰফৰ পাহাৰত নিজকে কবৰ দিয়া দেখিছিলোঁ
তুমি দেখিছিলা নে কেতিয়াবা
তুমি দেখিছিলা নে কেতিয়াবা
আজিকালি মায়ে জেতুকা বেয়া পাই
সুধিলে কয় ৰংবোৰে কলিজা কলা কৰে
ইম্মান ডাঙৰ কথা মই বুজিকে নেপাওঁ
আকৌ কেতিয়াবা মাৰ খোজবোৰ থৰক বৰক দেখো
কেতিয়াবা খং উঠিলে মা জুই একুঁৰা হৈ পৰে
কোঠাটো জাৰি জোঁকাৰি আকৌ ছাঁই হৈ পৰে আৰু লাহেকৈ আমাক মায়ে বুকুৰ মাজত চপাই আনে
তুমি ও আহিবানে দেউতা আমাক বুকুৰ মাজত চপাই লʼবলে
তুমি ও আহিবানে
তুমি আহিলে আমি নৈত সাতুঁৰিম
তুমি আহিলে আমি ছৱি আঁকিম যিবোৰত অকণি ঘৰ থাকিব, এজোপা গছ থাকিব যিবোৰত এটা জালিকটা বেলি থাকিব আৰু থাকিব এখন মুকলি আকাশ
তুমি আহিলে আমি বহুত কথা পাতিম যিবোৰ কথাত বাঁহৰ চৰাই পোৱালি জগাই যিবোৰ কথাত কথাবোৰ চাওলীয়া হৈ নেথাকে
তুমি আহিবা দে দেউতা।
Doksiri দকচিৰি, ফেব্ৰুৱাৰী, ২০২৪


No comments:
Post a Comment