মানুহ বিচাৰো ক’ত
ৰুক্মিণী হালৈ
মাৰ্ঘেৰিটা
মানুহৰ অৰণ্যত
মানুহ বিচাৰি আজি
কৰো হাহাকাৰ,
মানুহৰ ঠিকনা সলনি হ'ল।
সৰু সৰু গছবোৰ
বৃক্ষ হৈ গ'ল,
বৃক্ষবোৰ উভালি পেলালে
সময়ৰ ধুমুহাই
এতিয়া ইয়াত মাথোন
কাইটীয়া বননিৰ জাত।
Doksiri দকচিৰি, ফেব্ৰুৱাৰী, ২০২৪
Copyright (c) 2023 Doksiri All Rights Reserved
No comments:
Post a Comment