হেঁপাহৰ মৃত্যু
সুনম বিশ্বাস
গোৰেশ্বৰ, তামুলপুৰ
কান্ধত মোনাখন লৈ চোতালত ভৰিখন দিছে মাত্ৰ
- ৰমেশে মাতিছে, 'খুড়া, মাইনাবাৰ ফোন, লোৱা কথা পতা।'
অ' মাইনা, কোৱা মই ওলাইছো।' অ'পাপা, তুমি নিপুল খুড়াৰ কোৰ্ট- পেন্ট টো পিন্ধি আহিবা, আৰু জোতাযোৰ পলিছ কৰি পিন্ধিবা, লগত ছাৰ এজন আছে, এতিয়া ৰাখিছো ষ্টেচনলৈ আহি পালে মিন্টু নামৰ ল'ৰাজনে মোৰ ৰুমলৈ লৈ যাব। — মহীকান্তই কথাখিনি শুনাৰ পিছতে শেতা পৰি গ'ল। তেঁও ক'লে মাজনী নগেন খুড়াই পথাৰখন চপোৱাৰ দায়িত্ব দিছে বৰষুণো আহিব যেন লাগিছে আজি নাযাও দিয়া, ছুটী পালে তুমি এপাক আহিবাছোন।
এইখিনিতে কৈ ফোনটো ৰাখিলে । ফোনটো ৰখাৰ পিছত সেমেকি গ'ল। ছোৱালীজনীক এপলক চোৱাৰ হেঁপাহটোত চেঁচাপানী পৰিল। ভদ্ৰসমাজত যোৱাৰ স্বাধীনতা যেন আধুনিকতাৰ কৰাল গ্ৰাসে হৰণ কৰিলে। কোৰ্ট-টাই, নলগালে হেনো পৰিয়ালৰ পৰিচয় দিবলৈ লাজ লাগে আজিৰযুগৰসন্তানৰ ! কপালৰ ঘাম মাটিত পেলাই ছোৱালীজনীৰ আপদাল কৰিছে । আজি আৰক্ষী বিষয়া তাই। লোকৰ ঘৰত কঁথা চিলাই মাকে দুপইচা যোগাৰ কৰি দিছিল, ট্ৰেইনৰ টিকট কাটিবলৈ। কিন্তু এতিয়া সেন এক অবুজ বেদনাত চটফটাইছে। হঠাৎ সংজ্ঞাবিহীন হৈ গুৰি কটা গছৰ দৰে ভীতিবিহ্বল হৈ মাটিত ঢলি পৰিল। এটি অপ্ৰকাশিত বেদনাই যেন বুকখন চূর্ণ-বিচূর্ণ কৰিলে, মাকৰ ৰাঙলী শিৰটো বগা আৱৰণেৰে ঢাক খালে বুকুৰ টুকুৰা ডাঙৰ জীক শেষবাৰলৈ চোৱাৰ হেঁপাহটো বুকুত কবৰ দি চিৰদিনলৈ মহাশূন্যত বিলীন হ'ল। অপ্ৰত্যাশিত মৃত্যু।
Doksiri দকচিৰি, ফেব্ৰুৱাৰী, ২০২৪


No comments:
Post a Comment