ভৱিষ্যত - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Wednesday, January 31, 2024

ভৱিষ্যত

 


ভৱিষ্যত


ৰেজিয়া চৌধুৰী

গুৱাহাটী

 

     বিয়াৰ কিছু দিনৰ পিছতে সিহঁতৰ মৰমে সিহঁতৰ মাজত স্থিতি ল'লে । হেঁপাহৰ ঘৰখন পূৰ্ণ কৰাৰ নিমিত্তে তাইয়ো পূৰ্ণ প্ৰাপ্তিৰ সপোন ৰচিছিল । এদিন সপোনে বাস্তৱত প্ৰস্ফুটিত হ'ল । সুগন্ধি সুবাসে হৃদয়ৰ ৰন্ধ্ৰে ৰন্ধ্ৰে বিয়পি পৰিল পৰিয়ালটোৰ মাজলৈ । ইতিমধ্যে সুবাসে বিয়পিব ধৰিছিলহে মাত্ৰ --তাকো নিষ্ঠুৰ নিয়তিৰো কি যে পৰিহাস প্ৰাপ্তিৰ পথতে হুল পুতিলে ,কলিতে সৰি সুবাসত ম্লান পৰিল ।

     

     তথাপি সিহঁত স্থিতপ্ৰজ্ঞ ,অহৰ্নিশে বৈ থকা বেদনাৰ স্ৰোতক পুনৰ উজ্জীৱিত কৰা মানসেৰে আক' এবাৰ আশালৈ হাত মেলিলে ।এইবাৰো নিয়তিয়ে টনা -আঁজোৰা কৰি থকাত চিকিৎসকক দেখুৱালে। চিকিৎসাত বিভিন্ন পৰীক্ষা-নিৰীক্ষাৰে জ্ঞাত হ'ল সিহঁতে বংশ বৃদ্ধি কৰিবই নোৱাৰে । সেইকাৰণে দুয়োৰে শৰীৰত থকা একেটা অচিন ৰোগটোৱে গ্ৰাস কৰিলে সিহঁতৰ ভৱিষ্যতক।


Doksiri দকচিৰি, ফেব্ৰুৱাৰী, ২০২৪



No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages