ক'লাধনৰ গৰাকীসকললৈ অনুৰোধ - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Monday, January 1, 2024

ক'লাধনৰ গৰাকীসকললৈ অনুৰোধ

 


ক'লাধনৰ গৰাকীসকললৈ অনুৰোধ


ৰুনাল্ডো টাইড


(এটি পুথিঘৰ বিচাৰি আবেদন)


হে ক'লাধনৰ গৰাকী সকল

জনাইছো নমস্কাৰ


মোৰ পৰিচয়

মানুহ ভালপোৱা মানুহ

আনৰ সুখত হ'ব খোজো সুখী

আনৰ দুখত হব খোজো দুখী


 নৈপৰীয়া মই সাধাৰণ যুৱক

সন্মুখত বিশাল বৰলুইত

জিৰি জিৰি কৈ বৈ থাকে

ৰূপালী নৈ।

নদীয়েদি বৈ আহে অদূৰৈৰ গৰখীয়াৰ বাঁহীৰ সুৰ


বিষয়:এটা পুথিঘৰ

গাঁও:বৰটিকা

ডাক:বংকুৱাল

থানা:কমাৰগাঁৱ

জিলা-গোলাঘাট,অসম


যদিওবা আজিৰ যুগত ধনেই ধৰ্মৰ মূল, তথাপিতো ধনেই জীৱনৰ শেষ কথা নহয়। অথচ আপোনালোকে ভাবে ধনেই জীৱন। ধনৰ লোভত বন্দী মনুষ্য। 

হে ক'লা টকাৰ গৰাকী সকল

শ্বেইক্সপীয়েৰ এ কৈছিল "টকাই সকলো অনৰ্থৰ মূল"। অথচ আপোনালোকে মানুহতকৈ ভালপায় টকা। টকাৰ বাবে আপোনালোক হৈ পৰে অন্ধ্ৰ। তিনি পুৰুষলৈ আপোনালোকে সাঁচি ৰাখে টকা। ধনলোভ,তিৰিলোভ আপোনালোকৰ বদ চৰিত্ৰ।


মোৰ গাঁৱত আছে দেশৰ সম্ভাৱনাময় অযুত ছাত্ৰ। যি অধ্যয়নেৰে সমৃদ্ধ কৰিব খোজে জীৱন আৰু যৌৱন, হ'ব খোজে দৰিদ্ৰ মানুহৰ আশাৰ বন্তি। ভৰাই তুলিব খোজে কৃষক পিতাইৰ সপোন, চুব খোজে আকাশ।


বানত সৰ্বস্বান্ত পিতাইৰ নাই কিনিবলৈ  পুথি

অথচ জীৱন গঢ়িবলৈ প্ৰয়োজন পুথি,পুথিয়ে দিয়ে জীৱনৰ আদিপাঠ।গঢ়ে ভৱিষ্যতৰ ভেটি।


হে বহু টকাৰ গৰাকী সকল

স্বাধীনতাৰ সত্তৰ বছৰ পিছতো আপোন গাঁৱত নাই এটি পুথিঘৰ

লাজৰ বিষয়

লাজৰ বিষয়।


পুথিঘৰ মই সজাব খোজো বিধিধ পুথিৰে

ৰিচাৰ্ড লুৱেলিনৰ "হাউ গ্ৰীণ ৱাজ মাই ভেলী", টলষ্টয়ৰ যুদ্ধ আৰু শান্তি,জুলে ভাৰ্নেৰ " Around  the  world  in eighty  days", অথবা কাৰ্ল মাৰ্ক্সৰ "ডাচ কেপিটেল":কালামৰ তেজস্বী মন, মহান বিপ্লৱী সকলৰ জীৱনী, মহাভাৰত -ৰামায়ণ, ইলিয়াদ-ওডিছী আৰু ক'তনা কি!

শাৰী শাৰীকৈ সজাই থম কবিতাৰ পুথি

সজাই থম মূল্যবান প্ৰৱন্ধ-গল্প

শাৰী শাৰীকৈ সজাম বিখ্যাত উপন্যাস


লৰা-ছোৱালীবোৰে পঢ়িব কিতাপ

সমৃদ্ধশালী হ'ব জীৱন দৰ্শন


হে মোৰ দেশৰ টকাৰ গৰাকীসকল


Doksiri দকচিৰি, জানুৱাৰী, ২০২৪


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages