ৰাতিবোৰ ওলোমাই থোৱা হৈছে বজাৰখনত
ববী দত্ত
ৰঙা নীলা হালধীয়াৰে
বজাৰখন ৰঙীন হৈ আছে
মাজে মাজে জিলিকিছে লাইটৰ পোহৰত বিক্রেতাৰ মুখ বোৰ
য'ত আন্ধাৰ তাতেই ৰাতিবোৰ বহি আছে
আমন জিমনকৈ দীঘলীয়া উশাহ একোটা লৈ
সুলভ মূল্যত ৰাতিবোৰ বিক্ৰী কৰি থকা হৈছে বজাৰ খনত
এফালৰ পৰা চৌঠেঙীয়া ক্রেতাই ৰাতিবোৰৰ নিশ্চিত দৰ দাম কৰিলে ।
খেনোৱে কিনিলে
খেনোৱে নিকিনিলে
খেনোৱে লিৰিকি বিদাৰি ৰাতিবোৰ চালে ।
মই এখন দোকানলৈ গলো
এটা ৰাতি কিনাৰ মানসেৰে
ওলোমাই ৰখা দীঘল ৰাতি এটালৈ আঙুলিয়াই সুধিলোঁ ইয়াৰ দাম কিমান?
পৰিশেষত এটা ৰাতি বৰ হেঁপাহেৰে
কিনি আনিলোঁ নিজা দৰত
মূল্য নব্বৈ হাজাৰ
লাখৰ ঘৰত ভৰি থব নোৱাৰে টেক্সৰ ভয়ত।
কিনি অনা ৰাতিটো ঘৰত আহি লিৰিকী বিদাৰি চালো
বৰ হেঁপাহেৰে জীৱনত প্ৰথম এটা ৰাতি কিনিলোঁ
মই ধনী হৈ গলো
দেখা পালো তাৰ বুকুত লিখা আছে মোৰ
সৰল মৃত্যু !
তেজৰ গান গোৱা মোৰ অহংকাৰ বোৰ তাৰ বুকুতে ধ্বংস হব
আৰু নিষ্ফল হব মোৰ একান্ত নিজস্বতা
মই ৰাতিটোলৈ চলোঁ
মই ক্ৰমে অনুক্ৰমে আন্ধাৰ হৈ পৰিলোঁ
কিনি অনা ৰাতিটোৰ দৰে।
Doksiri দকচিৰি, জানুৱাৰী, ২০২৪
No comments:
Post a Comment