সম্পাদকীয় - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Monday, January 1, 2024

সম্পাদকীয়


 

মাতৃভাষাৰ গুৰুত্ব


    প্ৰাথমিক শিক্ষাৰ ক্ষেত্ৰত মাতৃভাষাৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। মাতৃভাষা অবিহনে শিক্ষাদান কৰিলে শিশুসকলৰ শিক্ষাৰ জ্ঞান আহৰণৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সন্মুখীন হোৱা দেখা যায়। মাতৃভাষাৰ গুৰুত্বৰ বিষয়ে আলোকপাত কৰাৰ আগতে মাতৃভাষাৰ অৰ্থ কি ? মাতৃভাষাই কেনেদৰে শিশুৰ শিকন - শিক্ষণ প্ৰক্ৰিয়াত সহায় কৰে এই বিষয়ে আলোচনা কৰাটো অতি প্ৰয়োজনীয়। আমি সকলো ভালকৈয়ে জানো মাতৃভাষা কি ?

     জন্ম লৈয়ে আমি যি ভাষা কওঁ সেয়াই মাতৃভাষা। অৰ্থাৎ শিশুৱে জন্মৰ পৰা শিকি অহা প্ৰথম ভাষাটোৱেই হৈছে মাতৃভাষা। যি ভাষাত এজন ব্যক্তিয়ে ক’বলৈ সৰ্বাধিক পাকৈত, শৈশৱতে পিতৃ-মাতৃ বা অভিভাৱকৰ পৰা শিকি অহা আৰু ভাষাটো বহুলভাৱে কোৱা অঞ্চলৰ মানুহৰ লগত একে ভাষা ক’বলৈ সক্ষম হোৱা ভাষাক সাধাৰণতে মাতৃভাষা বুলি কোৱা হয়। মাতৃভাষাক শিশুৰ প্ৰথম/ঘৰুৱা/প্ৰাথমিক/থলুৱা ভাষা আদি অভিধাৰেও অভিহিত কৰিব পাৰি। মাতৃভাষা হৈছে পৃথিৱীৰ প্রথম আৰু শ্ৰেষ্ঠ ভাষা। মাতৃভাষাই বিভিন্ন কাৰণত আমাৰ জীৱনত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। এগৰাকী শিশুক কেৱল গুণগত শিক্ষণৰ ফলাফলতেই নহয় ই নিজৰ কৃষ্টি সংস্কৃতি আৰু পৰিচয় ভালদৰে বুজাতো সহায় কৰে আৰু আন ভাষা শিকাৰো মূল ভেটি হিচাপে কাম কৰে।

     এগৰাকী শিশুৰ বিকাশৰ বাবে মাতৃৰ যিমান গুৰুত্বপূৰ্ণ ঠিক একেদৰেই এগৰাকী শিশুৰ মানসিক আৰু বৌদ্ধিক বিকাশৰ ক্ষেত্ৰত মাতৃভাষাও গুৰুত্বপূৰ্ণ। প্ৰাথমিক শিক্ষাত মাতৃভাষাৰ শিক্ষাদানৰ সন্দৰ্ভত UNESCO ইউনেস্ক’ই মত পোষণ কৰিছে যে প্ৰাথমিক শিক্ষাত মাতৃভাষাত শিক্ষা অন্তৰ্ভুক্তি কৰিব পাৰিলেহে গুণগত শিক্ষণৰ ফলাফল আশা কৰিব পাৰি। ইয়াৰ পৰাই অনুমেয় যে প্ৰাথমিক পৰ্যায়ত মাতৃভাষাক তিলমানো অগ্ৰাহ্য কৰিব নোৱাৰি।

      এটি গৱেষণাৰ পৰা দেখা গৈছে যে এগৰাকী শিশুৱে নিজ মাতৃভাষাত যিকোনো এটা বিষয়ৰ ওপৰত জ্ঞান আয়ত্ব কৰিবলৈ যিমান সময়ৰ প্ৰয়োজন হয়, সেই একেখিনি বিষয়ৰ জ্ঞান আয়ত্ত্ব কৰিবলৈ অন্য ভাষাৰ শিশুৱে প্ৰায় দুবছৰ লাগে যদিও মাতৃভাষাৰ মাধ্যমেৰে শিকা শিশুতকৈ একেখিনি বিষয়ত/কৰ্মত পাকৈত হ'বলৈ পাঁচৰ পৰা সাত বছৰ সময়ৰ প্ৰয়োজন হয়।

    প্ৰাথমিক বিদ্যালয়ত মাতৃভাষাৰ গুৰুত্ব অপৰিসীম। প্ৰাথমিক বিদ্যালয়ত শিশুক মাতৃভাষাৰ মাধ্যমেৰে শিক্ষা প্ৰদান কৰাটো খুবেই গুৰুত্বপূৰ্ণ। মনোবিজ্ঞানী সকলে মত পোষণ কৰিছে যে সাধাৰণতে শিশুসকলৰ জন্মগত শিকন ক্ষমতা থাকে। শিশুৱে বিদ্যালয় প্ৰৱেশ কৰাৰ প্ৰাক মুহূৰ্তত শিকনৰ পৰিৱেশ এটা নিজা ঘৰতে লাভ কৰে। সেয়ে আমি শিশু এটিক কেতিয়াও উকা কাগজৰ ফলিৰ লগত তুলনা কৰিব নোৱাৰি। যেতিয়া এটি শিশুৱে প্ৰথমবাৰলৈ বিদ্যালয়লৈ আহে তেতিয়া তেওঁ ঘৰুৱা পৰিৱেশৰ অভিজ্ঞতাসমৃদ্ধৰ এক ভাণ্ডাৰৰ সৈতে আহে, যিবোৰক শিশুৱে ঘৰুৱা ভাষা অৰ্থাৎ মাতৃভাষাত মৌখিকভাৱে প্ৰকাশ কৰিব পাৰি। 

     শিশুৰ মৌলিক ভাষা বিকাশৰ প্ৰক্ৰিয়া ঘৰতে আৰম্ভ হয় যদিও প্ৰাথমিক বিদ্যালয়তহে শিশুৰ মৌলিক ভাষা বিকাশৰ (পঠন আৰু লিখন) প্ৰক্ৰিয়া সম্প্ৰসাৰিত হয়। সেয়ে যত দূৰ সম্ভৱ বিদ্যালয়ত শিশুক তেওঁৰ ঘৰুৱা ভাষাৰে শিক্ষাদানৰ ব্যৱস্থা কৰিব লাগে। শিশুৱে মৌখিক ভাষাৰ জৰিয়তে মনৰ ভাব প্ৰকাশৰ বাবে ঘৰুৱা পৰিৱেশৰ লগতে জ্যেষ্ঠ জনক অনুসৰণ কৰি মৌখিক ভাষা বা মাতৃভাষা শিকাৰ লগতে প্ৰয়োজনীয় বিভিন্ন শব্দ ভাণ্ডাৰৰ লগত পৰিচিত হয়। শিশু সকলে নিজৰ মাতৃভাষাত স্বাছন্দতা অনুভৱ কৰে আৰু মাতৃভাষাতেই চিন্ত চৰ্চা কৰে। মাতৃভাষাৰ বিকাশে শিশুক চিন্তা কৰা, বুজি পোৱা, অনুভৱ কৰা, তৰ্ক  কৰা, যুক্তি দিয়া আদিত সহায় কৰে আৰু পঢ়াৰ লগতে লিখিবলৈ শিকাতো সহায় কৰে। সেয়ে শিশুৱে ব্যৱহাৰ কৰা মাতৃভাষাৰ মাধ্যমেৰে শিক্ষাদানৰ ব্যৱস্থা কৰিলে প্ৰকৃত জ্ঞান, বোধ আহৰণ কৰাৰ লগতে শিকনৰ গতি খৰতকীয়া হয়। যদি শিশুৱে ব্যৱহাৰ কৰা ঘৰুৱা ভাষা বা মাতৃভাষা, বিদ্যালয়ৰ ভাষাতকৈ পৃথক হয় তেন্তে শিশুৰ শিকন শিক্ষণত কিছু সমস্যাৰ সৃষ্টি হয় আৰু শিকন প্ৰক্ৰিয়াৰ গতিও লেহেম হয়। যাৰ ফলত শিশুৰ শিক্ষণ ব্যৱধানৰ (Learning Gap) সৃষ্টি হয়। 

    ভাৰতবৰ্ষত এনে বহু বিদ্যালয় আছে যিসকল শিশুৰ ঘৰুৱা ভাষা আৰু বিদ্যালয়ৰ ভাষা যথেষ্ট বেলেগ। প্ৰাথমিক বিদ্যালয়ত এনে ঘৰুৱা বা মাতৃভাষাৰ অভাৱত সৃষ্টি হোৱা শিকন ব্যৱধানসমূহ দূৰীকৰণৰ কাৰণে ভাৰত চৰকাৰে নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি (NEP) ২০২০ ত স্পষ্টকৈ উল্লেখ কৰি কৈছে যে প্ৰাথমিক বিদ্যালয়ত শিশুৰ মাতৃভাষাক অধিক গুৰুত্ব আৰোপ কৰি পঞ্চম শ্ৰেণীলৈকে সকলো শিক্ষাৰ্থীক নিজৰ মাতৃভাষাতে পাঠদান কৰিব লাগিব। শিশুৰ মাতৃভাষা/ঘৰুৱা ভাষা আৰু শিকনৰ ভাষাৰ মাজত কোনোধৰণৰ পাৰ্থক্য থাকিব নোৱাৰিব। প্ৰাথমিক পৰ্যায়ত শিশুৰ মাতৃভাষাৰ সলনি বেলেগ ভাষাৰে শিক্ষাদান কৰাটো শিশুৰ ওপৰত ডাঙৰ বোজা এটা জাপি দিয়াৰ নিচিনা।

     প্ৰাথমিক পৰ্যায়ত শিকন শিক্ষণত সন্মুখীন হোৱা বিভিন্ন সমস্যা আৰু শিকন ঘাটি/ শিকন ব্যৱধান আদি অৱসান ঘটাবলৈ শিক্ষা বিভাগে মাজে সময়ে বিভিন্ন ধৰণৰ প্ৰশিক্ষণ আৰু কাৰ্যসূচী ৰূপায়ন কৰা দেখা যায়। অসম চৰকাৰেও এনেবোৰ দিশত অধিক গুৰুত্ব আৰোপ কৰিছে। সম্প্ৰতি অসমৰ প্ৰাথমিক পৰ্য্যায়ৰ শিক্ষকসকলক প্ৰতি মাহে ৰজ্য চৰকাৰে নিপুণ অসম আঁচনিৰ অধীনত বুনিয়াদী সাক্ষৰতা আৰু সাংখ্যিকতা চমুকৈ FLN (Foundational Literacy and Numeracy) আৰু শিক্ষণ সামগ্ৰীসমূহৰ সঠিক ব্যৱহাৰ দিশত অনুপ্ৰাণিত কৰাৰ উদ্দেশ্যে প্ৰশিক্ষণ দি থকা হৈছে। যাতে  প্ৰাথমিক পৰ্য্যায়ত অহা ২০২৪ চনৰ নতুন শিক্ষা বৰ্ষৰ পৰা নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০-ৰ আধাৰত সেই সকলোবোৰ সঠিকভাৱে ৰূপায়ন কৰিব পৰা যায়। প্ৰাথমিক পৰ্যায়ত শিশুসকলৰ প্ৰকৃত গুণগত শিক্ষাৰ মানদণ্ড অধিক মজবুত কৰাৰ বাবে ৰাষ্ট্ৰীয় শিক্ষানীতিৰ এনেধৰণৰ শৈক্ষিক পদক্ষেপসমূহ গ্ৰহণ কৰাটো অতি প্ৰশংসনীয় যদিও বাস্তৱ ক্ষেত্ৰত ৰূপায়ন কৰাত কিছু দেৰি হৈছে বুলি ক’ব পৰা যায়।

      অসমৰ প্ৰাথমিক শিক্ষা ব্যৱস্থাতো ভাষাৰ ক্ষেত্ৰত দেখা দিয়া এশ এবুৰি সমস্যা এতিয়াও বিদ্যমান। অৱশ্যে অসমৰ শিক্ষা বিভাগে সেই সমস্যাসমূহ সমাধান কৰিবলৈ যৎপৰোনাস্তি চেষ্টা আহিছে। প্ৰাথমিক পৰ্য্যায়ৰ মাতৃভাষা শিক্ষাৰ সমস্যাবোৰ সমাধানৰ ক্ষেত্ৰত অসমৰ শিক্ষা মন্ত্ৰী ডাঃ ৰনোজ পেগুৱে কিছু গঠনমূলক পদক্ষেপ গ্ৰহণ কৰি কৈছে যে আগন্তুক নতুন শিক্ষা বৰ্ষ ২০২৪ এপ্ৰিলৰ পৰা অসমৰ জনগোষ্ঠীয় ভাষা যেনে মিচিং, ৰাভা, তিৱা, কাৰ্বি, ডিমাছা আদি জনগোষ্ঠীয় ভাষাসমূহক শিক্ষাৰ মাধ্যম হিচাপে প্ৰৱৰ্তন কৰি প্ৰাথমিক পৰ্যায়ত সংশ্লিষ্ট ভাষাত শিক্ষাদানৰ ব্যৱস্থা কৰা হ’ব। যাতে শিশু সকলে নিজৰ ঘৰুৱা/মাতৃভাষত শিক্ষা লাভ কৰিব পাৰে। এয়া সঁচাকৈয়ে অসমৰ জনগোষ্ঠীয় ভাষাসমূহৰ বাবে নৱ বৰ্ষৰ এটি আশাব্যঞ্জক সু খবৰ।

       অৱশ্যে ব্যৱহাৰিক দিশত কিছু সমস্যা আছে যদিও ৰাজ্য চৰকাৰে সদিচ্ছা প্ৰকাশ কৰিলে অতি সহজতে সেই সমস্যাৰ সমাধান কৰিব পাৰে। উদাহৰস্বৰূপে - অসমৰ দুখন জিলা যেনে লখিমপুৰ আৰু বৰপেটাকে ধৰি লোৱা যাওঁক। লখিমপুৰ জিলাৰ কোনোবা মিচিং অধ্যুষিত অঞ্চলৰ এখন বিদ্যালয়ত ১০০ শতাংশই মিচিং ভাষী শিক্ষাৰ্থী আছে, কিন্তু তাত আছে এগৰাকী অসমীয়া ভাষী শিক্ষক, ঠিক একেদৰে বৰপেটাৰ কোনোবা এখন বিদ্যালয়ত ১০০ শতাংশ অসমীয়া ভাষী শিক্ষাৰ্থী, তাত এগৰাকী মিচিং ভাষী শিক্ষকে শিক্ষকতা কৰি আছে। তেনে ক্ষেত্ৰত দুয়ো গৰাকী শিক্ষকক সালসলনি কৰি শিশুৰ ঘৰুৱা ভাষাত শিক্ষাদানৰ ব্যৱস্থা গঢ়ি তুলিব পাৰি। শিশুৰ শৈক্ষিক ভৱিষ্যত আৰু প্ৰকৃত গুণগত শিক্ষাৰ স্বাৰ্থত এই পদক্ষেপ গ্ৰহণ কৰিলে প্ৰকৃত অৰ্থত অসম তথা ভাৰতবৰ্ষৰ প্ৰাথমিক পৰ্য্যায়ৰ বিদ্যালয়ত এটি শৈক্ষিক বিৱৰ্তন আৰু উত্তৰণ ঘটিব। লগতে ভাৰত চৰকাৰে প্ৰৱৰ্তন কৰা NEP 2020 অধীনৰ নিপুন ভাৰত মিচন ২০২৬-২৭ ৰ লক্ষ্যও প্ৰাপ্তি হ’ব বুলি আশা কৰিব পাৰি।

 

Doksiri দকচিৰি, জানুৱাৰী, ২০২৪


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages