আজিৰ কবিতা
নীলিম কুমাৰ
কালি আছিল কৰমৰ্দন
আজি উপহাৰ।
কালি ফটা-ছিটা নিহালি ঠেলি
ওলাইছিল বেলি
আজি টিকটিকীয়া ৰঙা চাটিন কাপোৰৰ
মাজৰ পৰা বেলি আহিছে নামি।
কালি আছিল কেৱল কুৱঁলীৰ সৰোবৰ
আজি তাত ফুলিছে পদুম।
কালি আছিল জ্বৰ-কাহ
আজি এন্টিবায়'টিক।
কালি আছিল পক্ষাঘাত
আজি হুইলচেয়াৰ।
কালি আছিল চাহ-বিস্কুট
আজি কফি আৰু কাজু বাদাম।
কালি আছিল নিৰামিষ
আজি মাছ আৰু মাংস।
কালি আছিল তাগিদা আৰু প্রশ্নবাণ
আজি অনুৰোধ আৰু আগ্রহ
কালি গ্লাছৰ টেবুলত আছিল ধূলিৰ চামনি
আজি সেই টেবুল হৈ পৰিছে
মুখ চাব পৰা আইনা।
কালি আছিল আর্তনাদ
আজি গর্জন।
কালি আছিল মৃত্যু
আজি শৱযাত্রা।
কালি পিন্ধিছিলো ৰঙা চুৱেটাৰ
আজি সেউজীয়া জেকেট।
কালিৰ পদূলিত আছিল সৰাপাত
আজি ফুলৰ পাহি।
কালিৰ নাটক আছিল ভ্রাম্যমান
আজি ৰবিজিতা গগৈ।
কালি কবিতা এটিৰ মাজৰ শাৰীত
হেৰাই গৈছিল এগৰাকী নাৰী
আজি কবিতা এৰি গুচি আহিছে সেই গৰাকী।
কালি আছিল বাতৰি আৰু বাতৰি
ঘটনাৰ প্ৰতিবেদন
আজি হৃদয়ৰ বার্তা
কালি নাছিল আজিৰ নিচিনা।
আজিৰ কাপোৰৰ এটা দাগৰ নাম কালি।
কালিয়ে আজিক কৈছে
'হয়, মই তোমাৰ কাপোৰৰ এটা দাগ। কিন্তু
তুনি মোক ধুই পেলাব নোৱাৰা।’
Doksiri দকচিৰি, জানুৱাৰী, ২০২৪


No comments:
Post a Comment