ঐয়া তোৰ আলফুল সুখৰ বাবেই
যতীন মিলি
ঐয়া তোৰ আলফুল সুখৰ বাবেই
মই বাৰমাহত তেৰটা ৰূপ ধাৰণ কৰিছিলোঁ
ৰাজহুৱা গীতা-ভাগৱত পূজা-পাৰ্বণৰ অগ্ৰভাগ শিয়ালি-কায়দাৰে হৰলুকি কৰি
নোদোকা কৰিছিলোঁ পেট
চুৱা-চেলেকা কুকুৰটোৰ দৰে আনৰ মুখৰ ভাত কাঢ়ি
গুঁজি দিছিলোঁ মুখত...
আভিজাত্যৰ গহণা-গাঁথৰি চিলনীৰ দৰে থপিয়াই আনি
সুসজ্জিত কৰিছিলোঁ ফুল আলসুৱাকৈ...
পুহকৰ লগা এটি দুপৰীয়া অন্ত পৰিছিল
মোৰ এই সহজলভ্য সুখৰ যাত্ৰা
হাতে হাতে আইন তুলি লোৱা উত্তেজিত একাংশৰ
চৰ, কিল, ভুকুৰ বৰষুণে সলনি কৰিছিল
মোৰ মুখৰ মানচিত্ৰ
তাচপাতৰ দৰে খহি পৰিছিল
সুখৰ বালিঘৰ
চুৰ্চুমৈ হৈ পৰিছিল
অস্থায়ী সুখৰ মুদ্ৰা
এতিয়া তয়েই ক'চোন অ সোণজিৰা
বাট এৰি অবাটে জীৱনৰ তিনি কুৰি বছৰ অতিক্ৰম কৰা
এই নৰাধমটোৰ মানুহ হ'বলৈ আৰু বয়স আছেনে !
Doksiri দকচিৰি, জানুৱাৰী, ২০২৪
No comments:
Post a Comment