বৃদ্ধা মানেই দুৰ্বল
ভানুমতী পাঠক
ভৰলুমুখ
বৃদ্ধা মানেই
দুৰ্বল
সকলো এন্ধাৰ আঁতৰাই
দিয়া পোহৰাই।
বৃদ্ধা মানেই
যেন আকাল
খাবলৈ সৱ শুকান
একো কৰাৰ নাই প্ৰয়োজন।
বৃদ্ধা মানেই
যেন দুৰ্বল,
লাখুটি
চিধা কৰাই দিকদাৰ।
বৃদ্ধা মানেই
আনৰ লাখুটি
বেকা লাঠী লৈ
বৰ জজ্ঞাল।
বৃদ্ধা মানেই
সুখ, সপোন
নহয় দেখোন
কোনো আপোন।
বৃদ্ধা মানেই দুৰ্বল।
Doksiri দকচিৰি, ফেব্ৰুৱাৰী, ২০২৪


No comments:
Post a Comment