উৰুঙা
হিমশিখা সন্দিকৈ
মৰাণহাট, ডিব্ৰুগড়
এই বাটেৰে আজিকালি
তেওঁ নাহে
দুবৰিবোৰ নিস্তব্ধ হৈ থাকে...
তেওঁ অহাৰ বাটত এতিয়া
পকা আম নসৰে
খৰিকাজাঁইও নুফুলে
মাত্ৰ প্ৰকাণ্ড অট্টালিকাৰ গেটকেইখন
আৰু ডাষ্টবিনৰ কাষে কাষে
খোৱা-কামোৰা কৰি
ঘূৰি ফুৰে কেইটামান কুকুৰ ।
তেওঁ আহিব বুলি
পদূলিলৈ মানুহজনীয়ে চায়েই থাকে
আশাৰে...
আই ঐ দেহি
সেমেকা চকু !
এই বাটেৰে তেওঁ আৰু নাহে
গছৰ গোলাপ
গছতেই মৰহি সৰে
চাওঁতা নাই চিঙোতাও নাই
মানুহজনীৰ খোপাটোও
উদং হৈয়ে থাকে.....।
Doksiri দকচিৰি, ফেব্ৰুৱাৰী, ২০২৪


No comments:
Post a Comment