কোনোৱা এটি শীতৰ ৰাতিপুৱা
চন্দ্ৰপ্ৰভা বৰ্মন
গুৱাহাটী
মেঘ মল্লাৰৰ সুৰে সুৰে
মলয়াৰ ছন্দে ছন্দে...
কোনোৱা এটি শীতৰ
শুভ্ৰ প্ৰভাত বেলা...
পাক খোৱা কুঁৱলীৰ
হিমচেঁচা আঙুলিত লাগি
পাহৰিব খোজা কথাবোৰ !
অৱচেতনাৰ আঁৰে আঁৰে
জী থকাৰ কথা মনে যদি কয় !
একাবেঁকা হৈ পৰে কল্পনাৰ ৰেখা
মৰহি পৰা প্ৰাণৰ বিগত পুৰণি
দিনৰ শিহৰণ লাগি উছলি উঠে...
অস্বীকাৰ নকৰোঁ একো
কান পাতি শুনি যাওঁ ....
ৰিক্ত প্ৰাণৰ শতিকাময় ইতিহাস !
স্বপ্ন দেখিছিলোঁ !
হেৰাই যদি যাওঁ মই
প্ৰাণ নিজৰাৰ পানী সিঁচি
পাৰা যদি জগাই তুলিবা
মোক আকৌ এবাৰ !
পৃথিৱীৰ কোমল বুকুত
ভগা-ছিগা কথাবোৰ
আকৌ জোৰাই চাম...!
জীৱনৰ উপকন্ঠ
বেদনাৰ স্মৃতি ভৰা
পলায়নী দুৰন্ত সময়,
কুমাৰৰ চাকত এৰি থৈ
অহা শেঁতা দিনবোৰ,
বুকুৰ জুইত সোন গলে...
জীৱনৰ জলছৱি খন
দুচকুৰ কেনভাছত উজ্বলে !
জীৱনৰ শত কোলাহল
নেপথ্যত লীন গ'ল...
জীৱনৰ ফল্গুৰ পাৰত
কল্লোল নিমাত হৈ ৰ'ল !
বাটৰ দাতিৰ ক'লা-বগা
শিল হৈ ৰ'লো বহু শতিকা !
বিগত দিনৰ চিতাভস্মৰ পৰা
পাৰা যদি মোক জীয়াই তোলা...
ফিনিক্স জীয়াদি জিউ এবাৰ.....!
তোমাৰ উজ্জ্বল দুচকুৰ
অযুত মৰম সিঁচি...
মেজিৰ জুইত বনপোৰা
য'ত ত'ত পৰি ৰোৱা
ছাই কনিকাৰে মোৰ
দুচকুত অঞ্জন সানি ...!
জীয়াই তোলা আকৌ এবাৰ
আঙুলিৰ ফাকে-ফাকে
সৰি পৰক সমাধিৰ দুবৰিত
বেদনাৰ স্মৃতি ভৰা
শেঁতা পৰা দিনবোৰ …!
Doksiri দকচিৰি, ফেব্ৰুৱাৰী, ২০২৪


No comments:
Post a Comment