সময় বৰ নিষ্ঠুৰ - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Wednesday, January 31, 2024

সময় বৰ নিষ্ঠুৰ

 



সময় বৰ নিষ্ঠুৰ !


                            নাছিৰ আহমেদ

                 শিমলাবাৰী গোৱালপাৰা


সময় গতি কৰিছে

নীৰৱ- নিৰৱিচ্ছিন্ন ভাৱে

পুৰণি পৃথিৱীখন নকৈ চাই লবলৈ

আমি বাৰে -ৰহণীয়া ৰঙৰ উৎসৱ পাতো।

হাতে হাত ধৰি, কান্ধত কান্ধ পাতি

মহা-মিলনৰ গীত গাওঁ; প্ৰাণ ঢালি নৃত্য কৰো ।


কিন্তু! সময় বৰ নিষ্ঠুৰ!

পুৰণি পৃথিৱীখন আলৰ বুঢ়া হয় 

শেঁতা পৰা নয়ন -যুগল অসহায় !

সৰি পৰে লুণীয়া চকুলো;

ওঁঠ-যুৰিত কঁপনি, বাক-ৰুদ্ধ, গতি স্থৱিৰ !

পুৱাৰ কাঁচিয়লি ৰ'দত উম লওঁতে

মৰমৰ কাইটিৰ বুকুত লাগিল নিঠুৰৰ আঘাত !!

হেৰাই যায় পৃথিৱীৰ ৰূপ-ৰং-ৰস !


তথাপি, সময় গতি কৰিছে

নীৰৱ, নিৰৱিচ্ছিন্ন ভাৱে 

আজি আমাৰ কণ্ঠত উদ্গীৰিত আগ্নেয় লাভা

দু-চকুত বিপ্লৱৰ অগ্নি-বৰ্ষণ -

পুৰণি পৃথিৱীৰ স্পন্দন-হীন দেহত 

 প্ৰাণ সঞ্চাৰ কৰিবলৈ আমি দৃঢ় প্ৰতিজ্ঞ !


যুগে-যুগে অতিকে' চেনেহৰ পৃথিৱীত সংহাৰ কৰা

দুষ্কৃতিকাৰী, শোষক, বিভেদ-কামী শক্তিক

 দপ্ দপ্ কৈ জ্বলি থকা মেজিৰ জুইত দাহ কৰিমেই  

সময় বৰ নিষ্ঠুৰ ! সময় বৰ নিষ্ঠুৰ!!

সময় গতি কৰিছে নীৰৱ নিৰৱিচ্ছিন্নভাৱে।


Doksiri দকচিৰি, ফেব্ৰুৱাৰী, ২০২৪


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages