৩১ ডিচেম্বৰ
অনুভৱ প্ৰিয়ম মিৰি
তুমি ইমান অধীৰ নহ'বা
৩০ ডিচেম্বৰৰ পাছত পৃথিৱীৰ যিকোনো স্থানত
তেওঁক লগ কৰিব পাৰিবা
১ জানুৱাৰীৰ পৰা আৰু ৩৬৪ দিন
এতিয়া জানুৱাৰী মাহ চলি আছে
আৰু এনেকুৱা ১১ টা মাহ পাৰ কৰিব লাগিব
বহু দিন,ৰাতি,সপ্তাহ,ঋতু
এই ১১ টা মাহত কাৰ কি হ'ব পাৰে
ঠিকনা নাই কিমান ডাৱৰে ঢাকিব
জোন-বেলি-তৰাক
অথচ তেওঁলোক হেৰাই নাযায়
৩১ ডিচেম্বৰক অপেক্ষা নকৰিবা
তুমি গৈ থাকা সময়ৰ সোঁতত উঠি
নহ'লে আধৰুৱা হ'ব পাৰে জীৱন
৩১ ডিচেম্বৰ মানে বিশেষ দিন নহয়
সকলো দিনে বিশেষ
ভগৱানৰ উপহাৰ
অ' হ'ব পাৰে
৩১ ডিচেম্বৰ মানে বছৰৰ অন্তিম দিন
এইবুলি ইমান আয়োজন কৰাৰ প্ৰয়োজন নাই
৩১ ডিচেম্বৰক লৈ তুমি হৈ চৈ নকৰিবা
৩১ ডিচেম্বৰৰ মাজৰ সময়খিনিও তোমাৰ
জীৱন সুন্দৰ কৰি তোলাৰ।
Doksiri দকচিৰি, জানুৱাৰী, ২০২৪
No comments:
Post a Comment