বুদ্ধৰ তৰ্জনী আঙুলিটো
জুনু বুঢ়াগোহাঞি
গুৱাহাটী
মই য'ত আছিলোঁ
তাতে ৰৈ আছোঁ
কিন্তু মোক হেলনীয়া কৰি
কোনোবা গৈ আছে ৷
ৰৈ থকাতে প্ৰতিটো দিনত
নতুনকৈ জী উঠিবৰ মন যায়
আশাধাৰী হাত দুখনৰ
মোহ-গধুৰ আঙুলিৰ পাব ৷
গধুৰ পৃথিৱীখন পাতল
বুদ্ধইহে কৰিব পাৰে
বুদ্ধই শুদ্ধ
বুদ্ধৰ বাবে শেষ কথা
বোধিদ্ৰুম
যিয়ে কেৱল আঙুলি টোৱাব পাৰে
পোন গছলৈ
নতুবা বেঁকা গছজোপালৈ ৷
প্ৰথমে সৃষ্টিৰ আনন্দ
:
শেষলৈ
তাপত দগ্ধ
চৌপাশৰ ভুলৰ হাত-বাউলত
বতাহৰ খং উঠে
সেয়ে বতাহে নাম পায়
'ভূপালৰ বতাহ' ৷
তাত বুদ্ধৰ কৰিবলগীয়া একো নাথাকে
ভাগৰুৱা বুদ্ধই জিৰণি ল'ব
কেৱল বাটটো আঙুলিয়াই দেখুৱাব
আপুনি কোনফালে যাব
মই কোনফালে
আৰু ৰৈ ৰৈ গৈ থকাৰ সূত্ৰটো
সলাব পাৰে
মাত্ৰ বুদ্ধইহে ৷
Doksiri দকচিৰি, জানুৱাৰী, ২০২৪


No comments:
Post a Comment