জীয়ন
ঋষভ নাথ
মৰি ল'ৰালিৰ মাটি হোৱা গৰুজাকত
কক্ বকাই থাকোঁতে শেষৰাতি
পকা টোপনি ফাটি
পৰিলোঁ চেগুণ-পতীয়া বিছনাখনত
অঘাইতং উদং দমৰাটোৰ ডিঙিত
দুলি থকা ঘণ্টাৰ এটি এটি শংকা
টোপাল হৈ ছিটিকিছে
জীয়নৰ পানীত মাগুৰকেইটা মুকলি
সিহঁতৰ ফিছাত চমকি উঠিছে আন্ধাৰ
মাছ কেইটুকুৰা সাঁতুৰি ফুৰা
ঔ-জোলত মাৰ হাতৰ সোৱাদ
কাইলৈ হয়তো আকৌ এবাৰ পাম
বা নাপাওঁ যেতিয়ালৈ এমুঠি ভাতত
আঠা লাগি থাকিব মোৰ হাত
ব্ৰহ্মদত্তৰ দৰে কাইলৈ দিনত সোমায়েই
কিজানি দেখোঁ চৰা দামত ডাক দিয়া কুকুৰা
যেতিয়া ওভতনিৰ বেলা শ্যামা মাৰ মেলা
ন্যগ্ৰোধ ছাগৰাজৰ মুখত কিজানি ফুটে
কঁঠাল পাতৰ মাত ক্ষুধা-ধম্ম-পাঠ
বেবনিৰে মোৰ মূৰত খুন্দা মাৰিবনে সি
বতাহৰ সোঁতত উটি থকা চৰাইবোৰ
চুকত বিতত আৰু গাঁতত পোত গৈ থকা
সাপ-বেঙৰ দশা কি হ'ব বাৰাণসীত
বন্দীক অভয় মই দিবই লাগিব
সিহঁতো জী থাকিব নমৰালৈ
জীয়নত থাকিবই সি জীৱিত যি
জীৱন ঠিক যেন এটোপাল পানী
য'ত সাঁতুৰি থাকে বিয়াগোম তিমি
শিপা মেলি বেলি আৰু শিল সীয়ন
সিও দেখোন তৃণ-বিৰিখৰ জীয়ন
মাগুৰে ঘড়ীৰ টিক্ টিকনি খেদি ফুৰিছে
কিজানি তপস্বী বিড়াল এটাই মনে মনে
কামুৰি ধৰিছে তীখৰ নিগনিৰ চিঞৰ
ইপিনে মোক ৰখি আছোঁ মই দিনে
তাজা মাছৰ কাঁইটৰপৰা এবাৰ
মাৰ হাতৰ সোৱাদ এৰুৱাবলৈ
জিভাও কি আজি জীয়নীয়া মাছৰ দৰে
কথা সঁচা মিছা যিয়েই নহওক
সাঁতুৰিবলৈ ধৰে
টোকা:
জাতকৰ এটি (প্ৰথম খণ্ডৰ বাৰ নম্বৰ)
কাহিনী অনুসৰি গৰ্ভৱতী ভেলেঙী এজনীৰ
ঠাইত নিজকে বলিশাললৈ আগবঢ়াই দিয়া
মৃগৰাজ ন্যগ্ৰোধৰ মহানতাত মুগ্ধ হৈ
বাৰাণসীৰ ৰজা ব্ৰহ্মদত্তই তেওঁৰ
ক্ষমতাধীন সকলো জীৱ-জন্তুকে
অভয় দান কৰিছিল।
Doksiri দকচিৰি, জানুৱাৰী, ২০২৪


No comments:
Post a Comment