বেদনাৰ উল্কাপিণ্ড
কাৰ্চাং তাকাৰ
নৈৰ কাষৰে ঐ ঝাওবন - যৌৱন
তুমি মোৰে মৌ-বন
যিদিনা তুমি মোক প্ৰেম নকৰা বুলি ক'বা,
তাৰ দুখতে এই কহুৱাৰো
নৈৰ খহনীয়াত পৰি মৰি যাব
যিদিনা তোমাৰ প্ৰেমত মৰি যাব
এইদিনা তোমাৰ বুকুখনিওঁ মৰুভূমি হ'ব
তেতিয়াহে তুমি বুজি উঠিবা
বেদনাৰ উল্কাপিণ্ড কিমান গধূৰ।।
Doksiri দকচিৰি, ফেব্ৰুৱাৰী, ২০২৪


No comments:
Post a Comment