মনোবল
আব্দুৰ ৰহমান প্ৰামাণিক
কুৰ্শাকাটি, কোকৰাঝাৰ
তোমাৰ বুকুতেই সুপ্ত আছে
বঙ্গোপসাগৰৰ ঢৌ
জাগিলে এবাৰ বাধা দিবলৈ
আগবাঢ়ি নাহে কোনেও।
তুমি যদি নদীৰ দৰে আকৌ
জাগি উঠিব পাৰা,
পাহাৰ ভাঙি সাগৰ হ’ব পাৰে
বৈ গলে জলধাৰা।
নিৰ্ভীক হৈ যোৱা আগবাঢ়ি
কাপুৰুষৰ নাই কাম
তোমাৰ মাজতেই জাগি উঠিব
নেতাজী বসু ক্ষুদিৰাম।
নৰম বুকু গৰম কৰা ভাই
শুকোৱা চকুৰ পানী,
সকলো আৱেগ বিসৰ্জন দি
বাহুবল লোৱা টানি।
তোমাৰ জাগি উঠিব লাগিবই
বহি থকা যদি,
তুমি হ’বা লোকৰ বাবে
জাৱৰ পেলোৱা নদী।
চ'ত মাহৰ নদীৰ দৰে থাকিলে
জীৱন শুকান কাঠ,
লোক সমাজত দূৰ্বল তুমি
শিকোৱা মানৱতাৰ পাঠ।
তোমাৰ জ্ঞানৰ নাই অভাৱ
ভাঙিছে মনোবল,
তোমাৰ বিজয় আটক কৰিছে
তোমাৰ চকুৰ জল।
বিষন্নতা জয় কৰি তুমি
হাঁহিব পাৰা যদি,
সফলতাৰ বৰষুণ নামিব
পূৰ্ণ জীৱন নদী।
হাঁহি থাকিলে তোমাৰ নদীৰ
বাঢ়িব অনেক বল,
চৌদিশে বিয়পিব সুগন্ধি
শস্য ফুল আৰু ফল।
ভঙা হৃদয় আকৌ এবাৰ
সপোনৰ দেখা পাব,
বলা তুমি ঘূৰি থিয় হোৱা
আকৌ সফলতা আহিব।
Doksiri দকচিৰি, ফেব্ৰুৱাৰী, ২০২৪


No comments:
Post a Comment