জীৱন
বিতোপন চেকণিধৰা
কিনো কৰিবা জানি ?
জীৱনটো যে মোৰ আলৈ আঠানি।
নহ'বনো কিয়?
সপোনবোৰৰো যে থাকে
আকাশৰ দৰে বিশাল মন,
সাগৰৰ দৰে গভীৰ ভালপোৱা......
লগ পালে সুধিবা কেতিয়াবা সপোনক......
মনৰ কথাবোৰ,
ক'ব তোমাক চকুলো নিগৰায়
ভৰা যৌৱনৰ মিঠা অনুভূতিবোৰ....
তেতিয়াই
যেতিয়া নিশাবোৰ ৰঙীন হ'ব…
Doksiri দকচিৰি, ফেব্ৰুৱাৰী, ২০২৪


No comments:
Post a Comment